সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪র্থ দৃশ্য ]
৪৭
নিৰ্ম্মলা


request ত আৰু হৃদয়ৰ গভীৰ প্ৰৰোচনাত (কাগজ

চায় ) আঃ, প্ৰৰোচনাত নহয়, আৱেগত – হৃদয়ৰ গভীৰ আৱেগত পৰি, হেৰ মানিক! পানী এগিলাচ এই ফালে দেচোন, মুখ শুকাই গৈছে দেখোন, আজি বুকত (শুক দেৱে – “বুকত নে ভৰিত” বুলি কয় ) সাহ- এ, এ, সাহ নহয় ভয় বান্ধি তোমা- লোকৰ আগত —

মানিক— তোমালোকৰ নহয়, আপোনালোকৰ আগত —

( কাণে কাণে কয়। )

তোমালোকৰ আগত, তোমালোকৰ নহয়-

গোবিন্দ— আপোনালোকৰ আগত—তাৰ পিচত কি, কৈ নিদিয়া

কিয়, বাঘে খোৱা মই যে, অটাইবোৰ পাহৰিলোঁ। মানিক—ধেত, বক্তৃতা তই হে দিছ, ম‍ই কব লাগে কিয়?( কাণে কাণে কয়) বাৰু সমাজৰ উৎ- পীড়ন তুৎপীড়নৰ বিষয়ে অলপ ক?

গোবিন্দ— সমাজৰ উৎপীড়ন, মহাপীড়ন, বৰপীড়ন- হায়

হায় সকলো পাহৰিলোঁ—

(সকলোৱে হাঁহি দিয়ে, গোবিন্দই অলপ তলকা মাৰি

কাগজত কিবা লিখি সভাপতিক দি ওলাই যায়। )

কৃষ্ণ— শ্ৰীযুক্ত গোবিন্দ বৰঠাকুৰে এই চিঠিৰে, তেখেতে

আজিৰ পৰা এই সভাৰ সভাৰ পদ ত্যাগ কৰিলো বুলি জনাইছে।