এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৃশ্য ]
৪৬
নিৰ্ম্মলা
| এই ডেকা লৰাবিলাকৰ উদ্ভণ্ডালি সহিব নোৱাৰা
হৈছে। তই মকদমা কৰ। এই ভূধৰ আৰু পানীৰামক বগা ঘৰৰ ভাত খুৱাইহে এৰিব লাগে। তাৰ উপৰি সিহঁতক নদীয়ালে কিলাইছে। সিহঁতৰ জাত গৈছে, নহয় নে ভোকোন্দ! |
| ভোকোন্দ— | হয় প্ৰভৃ। সিহঁতক নদীয়ালে কিলাইছে। |
| পানীৰাম— | ভোকোন্দ! মিছা কথা নকবি দেই। ৰাইজ |
| ভোকোন্দ— | হয়, হতা-হতি হ'লে হোৱা নাই। |
| মহেশ্বৰ— | ধেই, কুকুৰ, তই নিজ চকুৰে কিলোৱা দেখিছ,
কানুৰামে দেখিছে? |
| ভোকোন্দ— | হয় দেউ! কানুৰামেও দেখিছে? |
| মহেশ্বৰ— | ৰাইজ! চোৱা, এই পেন্দুকণা ওঠ চেপিলে
পিয়াহ ওলোৱা লৰাটোৰ মইমতালি চোৱা, সি মোকো মিছাত পেলাব বিচাৰে। ইপিনে সাক্ষীয়ে- বাদীয়ে প্ৰমাণ হৈছে যে, সিহঁতক নদীয়ালে কিলাইছে। তাৰ বাবে সিহঁতৰ পাঁচ ধেনু পৰাচিত লাগিল। পৰাচিত নহলে সিহঁতৰ লগত কোনেও বেবহাৰ নকৰিবা আৰু পুৱাই, তই পুলিচত খবৰ দে, তোৰ ছোৱালী বলেৰে নিচে বুলি। আমি সকলোৱে |