সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২য় দৃশ্য ]
৩৭
নিৰ্ম্মলা


মহেশ্বৰী— অধৰমীৰ জীয়েক বেটী। মুখে মুখে দেখোন

কথাৰ উত্তৰ দিয়?(খকৰা মুকুতী মাৰি ) অ' এতিয়া মইহে মিছলীয়া হলো।

[ সৰু পুতেকৰ প্ৰবেশ ]

শুনাছোন তোমাৰ আলাসৰ লাৰু ঘৈণীৰ কথা।

মই হেনো মিছলীয়া, দুৰী, মই হেনো চুৰুণী, শাকিনী, যখিনী। মই হেনো—

সঃ পুতেক— লাঠিখাই মৰাৰ জীয়েক -
[ চুলিত ধৰি বৰকৈ কোবায়, সঃ বোৱাৰীয়েকে গিৰিয়েকৰ ভৰিত

ধৰি কান্দে, স: পুতেকে শেহত গোৰ এটা মাৰি গুছি যায়। ]

স: বোৱাৰী— সদায় সদায় এনে জীয়াতু সহি থকাতকৈ

একেবাৰে মৰি যোৱাই ভাল। তেতিয়া এওঁলোকেও এসাজ সুখেৰে খাব পাৰে। প্ৰভূ আত্মহত্যা পাপে যেন মোক নোচোৱে। অসহ্য যাতনাত অস্থিৰ হৈহে মই এনে কাম কৰিবলৈ ওলাইছোঁ।

[ প্ৰস্থান ]