এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
[ ১ম অঙ্ক
নিৰ্ম্মলা
| অপবাদ ৰতি দিম যে, সকলোৱে আপোনাক
চণ্ডালতকৈও অধিক ঘিণ কৰিব। |
| বৰুৱা— | মোক আৰু অলপ সময় দিয়ক। আৰু এমাহ
য'তে হয় যেনে তেনে লৰা এটা বিচাৰি......... |
| মহেশ্বৰ— | আৰু এদিনো নহয়, পৰহিলৈ যাদুবাপুৰ লগত
তোমাৰ কন্যাৰ বিয়া নাপাতিলে, তোমাক চিৰ দিনৰ কাৰণে সমাজৰ পৰা বাহিৰ কৰি দিয়া হব। |
| বৰুৱা— | আৰু এসপ্তাহ- |
| মহেশ্বৰ— | আৰু এক মূহুৰ্ত্তও নহয়। যদি স্বীকাৰ পোৱা
তোমাৰ পিতাৰ শৰাধ আমি খাম, নহলে এই উঠিলো। |
| বৰুৱা― | ( অলপ ৰৈ অৰ্দ্ধ স্বগত: ) কি ঘোৰ দুচিন্তাত
পেলালা ভগৱান, এফালে নিৰ্ম্মলাৰ সুখ-শান্তি আৰু বিবেক আৰু আনফালে সমাজৰ সমবেত শক্তি আৰু পিতৃ শ্ৰাদ্ধ। নহয় নিৰ্ম্মলাক মই এনেকৈ পানীত উটাই দিব নোৱাৰোঁ। কিন্তু — কিন্তু যদি এই কুক্ষণত মই সমাজৰ বিৰুদ্ধে থিয় হওঁ তেতিয়াই বা তাইৰ কি সুখ হব? কলঙ্কৰে দেশ ভৰি যাব। মোৰ আৰু নিৰ্ম্মলাৰ নামে সহস্ৰ মিছা অপবাদেৰে জগত্ ভৰি পৰিব! তেন্তে তোমাৰ ইচ্ছাই পূৰ্ণ হওক ভগৱান! ( ওপৰলৈ হাত জোৰ কৰি ) পিতা পৰম গুৰু, তোমাৰ প্ৰীতিৰ অৰ্থে এই শ্ৰাদ্ধ |