সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
[ ১ম অঙ্ক
নিৰ্ম্মলা


নাপালোঁ। কলৈনো গৈছিলা?
ফেদেলী— নকবি আই, দিন কাল গুচিল।

আজি বামুণ চুবুৰীলৈ গৈ যি আষাৰহে কথা শুনি আহিলোঁ, শুনিলেও গঙ্গাস্নান লাগে।

সকলোৱে— { আগ্ৰহেৰে ওচৰ চাপি ) কি কথা, কি কথা?
ফেদেলী— দেশত নোহোৱা কথা আই! ধৰ্ম কৰ্ম

বামুণহঁতেই গুচালে।

সকলোৱে— ( দুগুণ আগ্ৰহেৰে ) কি কথা নেই, মোৰ শপত,

মোৰ মূৰকে খোৱা কোৱাচোন?

[ ফেদেলীয়ে আটাইৰে কাণত ফুচফুচাই কয়, আটাইবোৰ

আচৰিত হয় ]

কপাহী— বামুণীহঁতে আমাক এনেয়েহে ঘিণায়। তাইহঁতৰ

ভিতৰি কত পাপ আছে।

বকুলী — আছেতো। কুন্তী বামুণীৰ কথানো কোনে

নাজানে?

সুমথিৰা— অধৰ্মীৰ বেটীহঁত, তোহোঁত হবলা কম। মই

বুঢ়ী মাৰে এটাইৰে আটাইবোৰ কথা বাকি দিম এতিয়া।

[ দূৰৈত বিহু নাম গাই ভূধৰ ও পানীৰামৰ প্ৰৱেশ। ]

নাম

তোৰে যে, কথা ঐ   পুৱাতে যে পাৰ্টীতে
  চোৰাংকৈ মনতে পৰে।