এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
[ ১ম অঙ্ক
নিৰ্ম্মলা
| নাপালোঁ। কলৈনো গৈছিলা? |
| ফেদেলী— | নকবি আই, দিন কাল গুচিল।
আজি বামুণ চুবুৰীলৈ গৈ যি আষাৰহে কথা শুনি আহিলোঁ, শুনিলেও গঙ্গাস্নান লাগে। |
| সকলোৱে— | { আগ্ৰহেৰে ওচৰ চাপি ) কি কথা, কি কথা? |
| ফেদেলী— | দেশত নোহোৱা কথা আই! ধৰ্ম কৰ্ম
বামুণহঁতেই গুচালে। |
| সকলোৱে— | ( দুগুণ আগ্ৰহেৰে ) কি কথা নেই, মোৰ শপত,
মোৰ মূৰকে খোৱা কোৱাচোন? |
| [ ফেদেলীয়ে আটাইৰে কাণত ফুচফুচাই কয়, আটাইবোৰ
আচৰিত হয় ] |
| কপাহী— | বামুণীহঁতে আমাক এনেয়েহে ঘিণায়। তাইহঁতৰ
ভিতৰি কত পাপ আছে। |
| বকুলী — | আছেতো। কুন্তী বামুণীৰ কথানো কোনে
নাজানে? |
| সুমথিৰা— | অধৰ্মীৰ বেটীহঁত, তোহোঁত হবলা কম। মই
বুঢ়ী মাৰে এটাইৰে আটাইবোৰ কথা বাকি দিম এতিয়া। |
[ দূৰৈত বিহু নাম গাই ভূধৰ ও পানীৰামৰ প্ৰৱেশ। ]
নাম
তোৰে যে, কথা ঐ পুৱাতে যে পাৰ্টীতে
চোৰাংকৈ মনতে পৰে।