এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
—৪ৰ্থ দৃশ্য —
পুখুৰী ঘাট।
| ( কোনো তিৰোতাই কাপোৰ ধোৱা, কোনোৱে গা ধোৱা,
কোনোৱে কথা পতা অৱস্থাত থাকে। ) |
| সুমথিৰা— | কপাহী, কালি যে জকাই বাই গৰৈ পোৱালী
কিটা পাইছিলো, তাৰেই মধুসোলেং দুপাত মানেৰে শাক বান্ধিছিলোঁ। আমাৰ মাইকনৰ বাপেকে খাই বৰ ভাল পালে। |
| কপাহী — | মোৰ বৰ লৰাটোৱে কালি মোহন বামুণক গালি
পাৰি টোকোন এডাল লৈ খেদি গৈছিল। হাক দিলে মোক হে মাৰিবলৈ আহে। |
| সুমথিৰা — | ডাঙৰ হলে ভাল কৰা টান হব? চকু দিবা। |
| কপাহী— | তোৰ কিটাকে ভাল কৰ। এধানমান লৰাটোৱে
গালি এষাৰ পাৰিলতে জগৰ লাগিল। |
[ বকুলীয়ে আচাৰা কাপোৰৰ পানী ফেদেলীৰ গাত পৰে ]
| ফেদেলী— | হয়েঁৰা, হতচিৰীহতি, মৰিব নাজানতী, কাপোৰ
ধোৱা পানীবোৰ গাত পেলাইছ কিয়? মানুহ নেদেখ নেকি? চকুহালত কোনোবাই...। |
| বকুলী— | সুগুণী, গাত পানী নপৰাকৈ দেখোন এনেয়ে
গালি পাৰিব আহ। |
| কপাহী— | পানী লৈ আহিবৰ পৰত দেখোন তোমাক ঘৰত |