সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
[ ১ম অঙ্ক
নিৰ্ম্মলা


চণ্ডী–দেউ। বুঢ়া কালত এই মহাপাপ আচৰিব নে? হৰি! হৰি!!

যাদু— দেউসকল! যদি আপোনালোকে এই বিষয়ে মনে

মনে থাকিবলৈ গাত লয়, তেন্তে ইয়াত উপস্থিত সকলোৱে গাই পতি কুৰি টকাকৈ পাব। [ সকলোৱে মূৰ খজুৱাই, মহেশ্বৰে যাদুক ওচৰলৈ মাতি নি কাণে কাণে কয়। ]

মহেশ্বৰ— বাৰু যাওক, আঢ়ৈ কুৰিকৈ দিম বুলি কওক।
যাদু— কোনো কথা নাই দিয়া হব।
মহেশ্বৰ— [ ডাঙ্গৰকৈ ] বাপুসকল! এটা কথা। বৰুৱাৰ

ছোৱালীটী মানুহ হোৱা বুলি আমি উৰা বাতৰিহে পাইছো। খবৰটো তিমান বিশ্বাস কৰিব লগীয়া নহয়। তাৰ উপৰি বামুণৰ মান ৰক্ষা কৰাত সকলোৱে সহায় কৰিব লাগে। যাছবাপুৰ ঔষচ গলেই যাতে বিয়া হয় এই বিষয়ে সকলোৱে চেষ্টা ৰাখে যেন।

সকলোৱে— বেচ, ঠিক, ভাল, আমিতো আছোয়েই।
মহেশ্বৰ— হেৰ কলিমন। এই টোপোলাটো আৰু পিৰাখন

লৈ যাহি।

[ কলিমনৰ প্ৰবেশ আৰু টোপোলা ও পিৰা লৈ প্ৰস্থান ]

[ সকলোৰে প্ৰস্থান ]