| পিতামহ সকলৰ দোহাইত, সমাজত ঘোৰ বীভৎ
সতাৰ সোঁত বৈ গৈছে! কোন ঋষিয়ে কোন মুনিয়ে কোন পণ্ডিতে দিন কাল পাত্ৰৰ কি অৱস্থাত কি নিয়মৰ প্ৰৱৰ্ত্তন কৰিছিল, তাৰ খবৰ লয় কোনে? সকলোৱে কেৱল, গভীৰ অন্ধকাৰত বাট হেৰুওৱা পথিকৰ দৰে দূৰত আলোৰ পোহৰ দেখি, নিশ্চিত ধ্বংসলৈ অগ্ৰসৰ হৈ গৈ আছে৷ এই অনিদিষ্ট ঋষি-মুনি সকলৰ মূৰত নিজৰ দায়িত্ব হীনতাৰ, নিজৰ দুৰ্বলতাৰ ভাৰ জাপি দি আমাৰ মনত কুসংস্কাৰে এনে চিৰকলীয়া ঘৰ পাতি লৈছে, দুৰ্ব্বলতা এনে গভীৰ ভাবে সোমাইছে যে, সাধাৰণ ভাল বেয়া বিচাৰো আমাৰ লোপ পাইছে। |
| বৰুৱানী — | ( অলপ অধীৰ ভাৱে ) দহজন বাৰু যেতিয়া
অইন ৰকমে চলিব, আমিও চলিম। দহ জনক এৰি জানো আমি চলিব পাৰিম? |
| বৰুৱা— | ( অৰ্দ্ধ স্বগত: ) এই দহজনৰ কাৰণেইটো আজি
বিবেকক বলি দি দুগ্ধপোষ্য শিশুক এখন অচিনাকি নতুন সংসাৰৰ ভাৰত প্ৰপীড়িত কৰিবলৈ হাবাথুৰি খাই ফুৰিছো। সমাজ নামক প্ৰাণহীন অত্যাচাৰী সমূহৰ ভয়তে, চকুৰ মণি, আচলৰ ধন, জীৱন সম্বল একমাত্ৰ কন্যাক স্বাস্থ্য, সুখ-শান্তি সকলোৰে পৰা বঞ্চিত কৰিবলৈ ওলাইছো। ( বৰুৱানীৰ প্ৰতি ) |