এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬
[প্ৰথম অঙ্ক
নিৰ্ম্মলা
| পাৰিলেহে বিয়া কৰাব। পিচে মোৰ বৰ্ত্তমান অৱস্থাত এটা লৰাৰ পঢ়াৰ খৰচ যোগাবৰ সামৰ্থ্য নাই। আগৰ ধাৰ বিলাকৰ কাৰণেই মাটি-ভেটী যাওঁ যাওঁ হৈ আছে। পদ্মই কিন্তু এটি ভাল লৰাৰ কথা কৈছিল। লৰাটি বোলে পঢ়াই-শুনাই, কথাই-বতৰাই বৰ ভাল। পদ্ম এতিয়া ইয়ালৈকে অহাৰ কথা আছে। তাৰ মুখেই সকলো শুনিবা। |
| বৰুৱানী— | এৰা, এই বহাগ, জেঠৰ ভিতৰতে যেনে তেনে বিয়াখন পাতিবই লাগিব। বয়সো এই ফাগুনে বাৰত সোমাল। তাইৰ তেজ-পানী দেখি মানুহে এতিয়াৰ পৰা চি চি চা চা কৰিবলৈ ধৰিলেই। |
| বৰুৱা— | এনেকৈ চাবলৈ গলে, বাৰ বছৰ একোৱেই নহয়।
বাৰ-বছৰত লৰা কেছুৱা হৈয়ে থাকে। সোনকালে বিয়া দি উলিয়াই দিলে, ছোৱালীবিলাকৰ স্বাস্থ্যও নষ্ট হয়। আৰু শিক্ষাৰ সময়ো নাপায়। কিন্তু কি কৰিবা? আগৰে পৰা এনেকৈয়ে চলি আহিছে যেতিয়া আজি ইচ্ছা নাথাকিলেও তেনেকৈয়েই চলিব লাগিব। |
| বৰুৱানী— | আগৰ ঋষি-মুনি সকলে কিবা এটা ভাল দেখিহে চাগৈ এনে নিয়ম কৰি গৈছে। পিতৃ-পিতামহৰ নিয়মটো এৰিলে বাট থাকিব ক’ত! |
| বৰুৱা— | (অৰ্দ্ধ স্বগতঃ) ঋষি-মুনি সকলৰ নামত, পিতৃ- |