এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দর্শন ]
৩
নিৰ্ম্মলা
| নিৰ্ম্মলা— | বাৰু ( প্রস্থান ) |
| বৰুৱা— | ৰাইজ সকল, আজি বছেৰেকৰ বিহু উপলক্ষে
আপোনালোকে মোৰ ঘৰত ভৰিৰ ধুলা দিয়াত, মই বৰ সন্তোষ পালোঁ; আৰু নিজকে কৃতার্থ মানিলো। ভাই, বন্ধু, লৰা ছোৱালী, আত্মীয়-স্বজন সহকাৰে আপোনালোকে সুখে-সন্তোষে থাকে ৷ ঈশ্বৰৰ ওচৰত মোৰ এয়ে সৰল প্ৰার্থনা । আপোনা লোকক যথাযোগ্য সন্মান কৰিবৰ ক্ষমতা মোৰ নাই, যি পাৰে। তাকেই আপোনালোকৰ আগলৈ আগবঢ়াই মিনতি জনাইছোঁ৷ ইয়াকে গ্ৰহণ কৰি নিজগুণে সন্তুষ্ট হয় যেন । |
| (ইতিমধ্যে নিৰ্ম্মলাৰ প্ৰবেশ, নিৰ্ম্মলাৰ হাতৰ পৰা শৰাই
লৈ, ৰৰুৱাই তাত ধন দি আগ বঢ়াই দিয়ে।) |
| ভূধৰ— | পানীৰাম, চা-চোন দাঙ্গি, কিমান দিছে ৷ |
| পানীৰাম— | ( কাপোৰ দাঙ্গি) মুঠেই দুটকাহে দিছে ঐ
ডাঙ্গৰীয়া, আমি বহুতো আশা কৰি আহিছিলোঁ। তথাপি ৰূপ পাঁচ টকা পেলাওক । |
| ভুধৰ — | পাঁচ টকাৰ কম হলে আমি নিনিওঁয়েই। |
| বৰুৱা— | আপোনালোক গাৱঁৰে ভাই, ককাই, জ্ঞাতি-
কুটুম্ব । জীৱনে মৰণে আপোনালোকক নিবিচাৰিলে গতি নাই। আপোনালোকক সন্তুষ্ট কৰিবলৈ পাঁচ টকা নালাগে, পঁচশ দিও বিফলে নাযায় । |