এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২
[প্ৰথম অঙ্ক
নিৰ্ম্মলা
| দিন নাই। নহলে তেওঁ যিহে অমায়িক পুৰুষ ৷
পাঁচ টকা নালাগে, দহ টকাকে দিলেহেঁতেন । |
| ভূধৰ— | চাওঁ জুইচুলাটো দেছোন, চিক্ৰট এহোঁপাকে মাৰি
লওঁ। মোৰ জুইচুলাডাল কৰবাত পৰিল হবলা । |
| পানীৰাম— | চেলেউ মোকো এটা দিবিছোন। মুখখন
দেখোন কেনেবা লাগিছে ৷ |
| ভূধৰ— | হেৰ তোৰ মোক চিক্ৰট খুজিবলৈ লাজ লগা
নাই নে ? কালি দেখোন মই খোজোতে বৰ গপডাল চেলাই হোপাটোকে নিদিলি, আজি মোক বস্তু খুজিবলৈ লাজ লগা নাই নি অ' ? |
| পানীৰাম — | নিদিয় যদি নিদিওঁ বুলি কবি, হেকান পাৰ কিয় ? |
| পুৱাই— | অ' ইহঁত পেংলাইত হে লাগিল,হেৰ ইয়াতে
ৰাতি পুৱাব খুজিছ নে ? |
| সকলোৱে— | এৰা, এৰা, ধৰহঁত বোপাই—( সকলোৱে
হুঁচৰি গায় ] |
ঊৱা হৰি বোঁলা, ঔৱা ৰাম !!
বোপাদেউৰ পদুলীত গোন্ধাইছে মালতী !
কেতেকী মলেমলাই হে গোবিন্দাই ৰাম ||
[ ইত্যাদি ]
| ( হুঁচৰিৰ মাজতে বৰুৱা আৰু নিৰ্ম্মলাৰ প্ৰৱেশ ) |
| বৰুৱা— | ( হুচৰি শেষ হলত) নিৰ্ম্মলা, ভিতৰৰ পৰা শৰাই-
খন আনগৈ যা, তাতে তামোল-পান এটাও আনিবি । |