এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নিৰ্ম্মলা
—(0)—
—প্ৰথম অঙ্ক—
১ম দৃশ্য
স্থান-বৰুৱাৰ আগচোতাল।
| (মনুগায়ন, পুৱাই পানীৰাম, ভূবৰ প্ৰভৃতি গাৱঁলীয়া ডেকাৰ ঢোল,
তাল লৈ প্ৰবেশ ) |
| মনুগায়ন— | ৰাতি ভালেখিনি হলহি পাই। ইয়াত সোন-
কালে সামৰণি নামাৰিলে, মণ্ডলৰ ঘৰ নৌ পাওঁতেই পূবে পোহৰ দিবই। হেৰ খৰধৰ কৰহঁক। |
| পুৱাই— | হেৰৌ পানীৰাম, শুনিছনে বোলোঁ, বৰুৱাৰ ঘৰত
পাঁচ টকাৰ কম হলে নহব একা। |
| পানীৰাম— | মোক হবলা কম ভকত পাইছ। মই পোনতে
দহ টকাত হে চাব মাৰিম। তহঁতে হয়ভৰ দি ধৰিলেহে যদি পাঁচ টকামান সৰকে। |
| মনুগায়ন— | বুজিছহঁকনে আজি কালি বৰুৱাৰ আৰু আগৰ- |