| আৰু মোৰ নিৰ্ম্মলা মোৰ ওচৰতে। ( সাৱতি ধৰি
কান্দে ) আই! তোক কত দেশ দেশান্তৰত বিচাৰিলে। ক'তো নাপালে।! তই চাগৈ বহুত দুখ পালি মোৰ সোণ। মোক এটা চুমা দে মইনা! ( চুমা খাই ) পদ্ম! তুমি ঠিক নিৰ্ম্মলাৰ ওচৰতে বহাচোন। অহ, যদি পদ্মৰ লগত নিৰ্ম্মলাক বিয়া দিলোহেঁতেন, কি সুন্দৰ, সুখময় সেই মিলন হ'লহেঁতেন। ইটিৰ কাৰণে যেন সিটি ঈশ্বৰে সৃজন কৰিছিল। পোনাহঁত তহঁতৰ মনৰ দুখ মই বুজিব পাৰিলেও সেই দুখ গুচাব পৰা মোৰ ক্ষমতা নাছিল। নিৰ্ম্মলা! তোৰ আয়েৰে মোক মাতিছে।। বিদায় দে নিৰ্ম্মলা! বিদায় পদ্ম –“হৰে মূৰাৰে মধুকৈটভাৰে”। ( মৃত্যু ) |
| পদ্ম — | [ সেৱা কৰি ] যোৱা দেৱ! অনন্ত ধামলৈ গমণ
কৰা। বহুত দুখ, বহুত যন্ত্ৰণা এই পৃথিবীত পালা। এতিয়া শান্তিময়ৰ কোলাত শান্তি লাভ কৰা। |
| নিৰ্ম্মলা— | [ উঠি ] ব'লা পদ্ম। আমিও দেৱতাৰ পদ অনু-
সৰণ কৰে।— মৰণৰ মধুৰ আহ্বান ঠেলি জীৱনৰ কোলাহল ৰাজ্যলৈ উভটি যাবৰ আৰু ইচ্ছা নাই। শীঘ্ৰে ব'লা। দুৰ্ব্বলতাও আহিব পাৰে। |
| পদ্ম— | ব'লা দেবী। এই ক্ষন্তেকীয়া জীৱন ত্যাগ কৰি
আমি অনন্ত জীৱনৰ ৰাজ্যলৈ যাত্ৰা কৰোঁ। এই পঞ্চভৌতিক দেহ আমাৰ অনস্ত অপৰিসীম প্ৰেমৰ |