৫ম দৃশ্য
ব্ৰহ্মপুত্ৰৰ পাৰ
( বৰুৱা শুই থাকে, নিৰ্মলাৰ প্ৰৱেশ )
| নিৰ্ম্মলা— | ব্ৰহ্মপুত্ৰই গভীৰ নিনাদে মোক আহ্বান কৰি
কৈছে— সংসাৰৰ শত দুখ যন্ত্ৰণাত প্ৰপীড়িতা নাৰী, আহ মোৰ প্ৰশান্ত স্নিগ্ধ হিয়াত স্থান লাভ কৰহি। ইয়াত শান্তি পাবি। হে মহা পবিত্ৰ ব্ৰহ্মপুত্ৰ! আজি তোমাৰ বুকুতে চিৰ শয়ন কৰি এই তাপিত প্ৰাণ শীতল কৰিবলৈ আহিছোঁ। জীৱনত যন্ত্ৰণাৰ বাহিৰে সুখৰ মুখ নেদেখিলোঁ, এই বাৰ মৰি চাওঁ, মৰণৰ সিপাৰে কিজানি অলপ শান্তি পাওঁৱেই। আজি জীৱন মৰণৰ সন্ধিক্ষণত সেই সৰুকালৰ কথা মনত পৰিছেহি কিয়? নিৰ্ম্মল বাল্য জীৱন, স্নেহৰ নিজৰা আইদেউতাৰ আদৰ মৰম, সকলো মনত পৰি হঠাৎ মোক ব্যাকুল কৰি তুলিছে কিয়? মোক নেদেখি দেউতা চাগৈ বলীয়াৰ দৰে হৈছে, আয়ে কান্দি গছৰ পাত সৰাইছে। তোমালোকৰ ঘৰত মই পিশাচিনী জম্মি, তোমালোকৰ সুখময় সংসাৰ চাৰখাৰ কৰি দিলে।! (চকুলো টোকে) দেউতা! আই! তোমালোকৰ চৰণত মই কত অপৰাধী। তোমালোকৰ জীৱনত অশান্তিৰ কি প্ৰৱল ধুমুহাকে |