| সাৱটি ধৰিছে। সেই প্ৰেমত ইন্দ্ৰিয়ৰ একো
কাৰ্য্য নাই। আছে কেৱল সুক্ষ্মতম্ অনুভূতি। ইন্দ্ৰিয়বিলাক যেন আপোনা আপুনি শুই পৰিছে। বিচ্ছেদৰ বিৰাট হাহাকাৰৰ মাজতো নিৰ্ম্মলাৰ প্ৰেমৰ আস্বাদ দান কৰিছে।দেশ, কাল, পাত্ৰ, সমাজ, ৰীতি, নীতি, জন্ম মৃত্যু, স্বৰ্গ, নৰক সকলোৰে ওপৰত মূৰ দাঙি যেন এই প্ৰেমে মোক কৈছে সকলো আমাৰ অসত্য। সত্য কেৱল সেই প্ৰেম যি প্ৰেমত কামনাৰ গন্ধ, সেই বাসনাৰ উত্তেজনা নাই। সুখৰ আকৰ্ষণ নাই। ভোগৰ আশঙ্কা নাই, প্ৰেমা- ম্পদৰ সঙ্গ লিপ্সা পৰ্যন্ত নাই। য'ত আছে কেৱল অনুভূতি, কেৱল আনন্দ, কেৱল ধ্যান। বিশ্বময় এই প্ৰেমেই ঈশ্বৰ, ইয়াক পালেই ঈশ্বৰ প্ৰাপ্তি হয়। নিৰ্ম্মলা হৃদয়ৰ অধিস্থাত্ৰী দেৱী! তোমাৰ কৃপাতে মই এই বিশ্ব-প্ৰেমৰ অলপ আস্বাদ পাইছোঁ। তুমি তোমাৰ মঙ্গলময় অদৃশ্য শক্তিৰ বলত সত্যৰ ফালে শিৱ, সুন্দৰ, আনন্দ স্বৰূপ যি পৰমাত্মা, সেই ফালে মোৰ আত্মাক পথ দেখুৱাই লৈ গৈছা। মোৰ সাধনা এতিয়াও সম্পূৰ্ণ হোৱা নাই। তোমাৰ সঙ্গলিপ্সা এতিয়াও মোৰ মনত চিৰ জাগৰিত বোধ কৰে। সেই কাৰণেই দেৱী! তুমি মোক এতিয়াও দৰ্শন দিয়া নাই। |