| বোধ কৰো সেয়ে ঠিক। নিজৰ প্ৰাণ ৰন্ধাৰ
কাৰণে ভকতনীয়ে এই ফাকিৰ সৃষ্টি কৰি বিচাৰকক ফাকি দিবৰ চেষ্টা কৰিছিল। মাজে মাজে ইচ্ছা হয় নিজান বনত কুটীৰ এটা বান্ধি তাতে বহি নিৰ্ম্মলাৰ চিন্তা কৰি জীৱনৰ বাকী দিন কেইটা কটাই দিওঁ। নিৰ্ম্মলাৰ মৃত্যুৰ নিশ্চিত খবৰ নোপোৱালৈকে, মই এই অন্বেষণৰ বাহিৰে যে, অন্য একো কৰিব নোৱাৰোঁ। এই কাৰ্যত যদি মোৰ মৃত্যু হয় সিও মঙ্গল, তথাপি বিচাৰিব লাগিব।জীৱনৰ শেহ মুহূৰ্ত্তলৈকে শৰীৰত এক বিন্দু তেজ থকালৈকে এই কঠোৰ ব্ৰতত ব্ৰতী থাকিব লাগিব। নহলে অসীম অস্থিৰতাই মনক ব্যাকুল কৰি তুলিব। একোবাৰ ভাবো সন্যাস গ্ৰহণ কৰো। কিন্তু সন্যাসী হলেও কি শান্তি পাম! নিৰ্ম্মলাৰ চিন্তা ত্যাগ কৰি ঈশ্বৰ- চিন্তা কৰা কি মোৰ পক্ষে সম্ভৱ। অসম্ভৱ। নিৰ্ম্মলাৰ স্মৃতি মোৰ অস্থিয়ে মজ্জায় এনেকৈ প্ৰৱেশ কৰি আছে যে, ঈশ্বৰ-চিন্তাৰ কাৰণেও মোৰ মনত ঠাই নাই। মোৰ জীৱনৰ বৰ্ত্তমান একমাত্ৰ সাধনা নিৰ্ম্মলাৰ অন্বেষণ। এই সাধনাতে মই একাগ্ৰতা সাধন কৰিব লাগিব। (অলপ ৰৈ) নিৰ্ম্মলাৰ প্ৰেমে যেন বিশ্ব জুৰি মোক |