এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
[৫ ম অঙ্ক
নিৰ্ম্মলা
| বৰুৱা — | তাত বামুণৰ বাহিৰে অন্য জাতৰ মানুহ আছে নে? |
| দ্বিঃ বাঃ— | সেই খন বামুণ গাওঁহে। |
| বৰুৱা— | নৈ, পুখুৰী কিবা আছে নে? |
| প্ৰথম বাঃ— | নৈ, এই পোনে গলেই পাবা। এমাইলমান
গলেই হ'ব। গাৱঁতে পাবা, তাত সকলো বামুণ সজনৰে ঘৰ। |
| দ্বিঃ বাঃ— | আমিও বামুণ, আমাক কেন্দুকলাইৰ ঘৰ বোলে। |
| বৰুৱা— | শুনি আনন্দিত হলো। (বাঃ প্ৰ:) বামুণৰ জল
স্পৰ্শ প্ৰাণ গল্পেও নকৰোঁ। বামুণেই মোৰ নিৰ্ম্মলাৰ সৰ্ব্বনাশ কৰিলে। ( লাঠিত ভৰ দি উঠে ) চুচৰি বাগৰি নৈৰ পাৰলৈকে যাওঁগৈ। |
(প্ৰস্থান)
- ৪ৰ্থ দৃশ্য-
ৰাজ আলি
| পদ্ম — | (অকলে) বৰ আশা কৰি, এইবাৰ নকৈ অন্বেষণ
আৰম্ভ কৰিছিলো। ভাবিছিলো এইবাৰ নিশ্চয় নিৰ্ম্মলাক পাম। কিন্তু সফলতো হ'ব নোৱাৰিলোঁ। আশা যে ক্ৰমে ক্ষীণ হৈ যাবলৈ ধৰিছে। তেত্ত্বে নিৰ্ম্মলা জীয়াই থকাৰ খবৰ কি একেবাৰে অলিক! |