সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৃশ্য
১০৫
নিৰ্ম্মলা


মনিব নোৱাৰা খোৰেংবোৰ দেখিলে, ওখ গৰাৰ

পৰা ভীষণ বেগৱতী নৈ বৈ যোৱা দেখিলে - লোকালয়ত তীক্ষ্ণ অস্ত্ৰবোৰ চিক্‌ মিকাই থকা দেখা পালে, আত্মহত্যাৰ কাৰণে এটা প্ৰৱল ইচ্ছা মনত জাগি উঠে। কিন্তু নিৰ্ম্মলাক আকৌ এবাৰ দেখা পোৱাৰ ক্ষীণ আশাই মোক বাধা দি ধৰে মোৰ যেন কাণে কাণে কয়, “নিৰ্ম্মলা কিজানি জীয়াই আছে। কিজানি নিৰ্ম্মলাক তোৰ মৰুভূমিৰ দৰে শুকান হিয়াত আকৌ এবাৰ ধৰি তোৰ তাপিত প্ৰাণ শীতল কৰিব পাৰিবি।” স্নেহ, তই কি মাৰাত্মক একাধাৰে কালকুট আৰু অমৃত মিলাই ভগৱানে ইয়াৰ সৃজন কৰিছে। ইয়াৰ শীতল স্পৰ্শত মানুহৰ হৃদয়ত অপাৰ আনন্দৰ উদয় হয়, আকৌ স্নেহৰেই কঠোৰ তীব্ৰ দংশনত মানুহ অস্থিৰ হৈ বলীয়া হয়। আৰু নিৰ্ম্মলাৰ প্ৰতি মোৰ স্নেহ- তাৰ আদি নাই, অন্ত নাই, সীমা নাই। নিৰ্ম্মলাই মোৰ ভূত-ভবিষ্যৎ-বৰ্ত্তমান, ইহকাল পৰকাল সকলো জুৰি আছে।

(দুজন বাটৰুৱাৰ প্ৰৱেশ)

বৰ পিয়াহ লাগিছে, ওচৰত পানী আছে নে?
প্ৰঃ বাঃ— আছে, সৌৱা ইয়াৰ পৰা দেখিয়েই।
দ্বিঃ বাঃ— মুঠেই ৰিঙ্গি এটাৰ বাট –এই পোনেই।