সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৪
[ ৫ম অঙ্ক
নিৰ্ম্মলা


তাৰ পৰা খবৰেই আৰু একো নাই। ( মৌন) ঘৰে-ঘৰে

গাৱে-গাৱেঁ, নগৰে-নগৰে, দেশে-দেশে, পৰ্ব্বতে কন্দৰে, বনে-অৰণ্যই দিন-ৰাতি সমানে নিৰ্ম্মলাক বিচাৰিলোঁ—কিন্তু সকলো ব্যৰ্থ হ'ল। একো একোবাৰ পৰ্ব্বতৰ টিঙত উঠি —নদী, ভৈয়াম,সকলো নিনাদিত কৰি নিৰ্ম্মলা নিৰ্ম্মলা বুলি চিঞৰি উঠো, তাৰ উত্তৰত মাথো প্ৰতিধ্বনিয়ে “নিৰ্ম্মলা” বুলি বিদ্ৰুপ কৰে। কতবাৰ বায়ুদেৱতাক আকুল কণ্ঠে নিৰ্ম্মলাৰ বাতৰি মোক জনাই যাবলৈ মিনতি কৰিছোঁ। বায়ুয়েও কেৱল হো-হো কৰে হাঁহি উঠে, মোৰ বিপদ দেখি যেন সকলোৱে এক উৎকট আনন্দ উপভোগ কৰিছে। একোবাৰ পগলা হৈ যাওঁ, অনুমান হয় মানুহ জাতিটো পচি ভস্ম হৈ উটি গৈছে। আৰু এটা অসহ্য দুৰ্গন্ধ, সৌ গলিত শৱস্তুপৰ পৰা উঠি আকাশ ভৰি পৰিছে। সেই মৰাশৱবিলাকৰ মাজৰ পৰা যেন এটা জঘন্য পচা শই তাৰ গলিত ওঠৰ মাজেদি দাঁত কিটা উলিয়াই মোক ব্যঙ্গ কৰি কয়, “বৰুৱা চিনিব পাৰিছ নে? মই মৰিও,গেলিও, পচিও মোৰ নিজৰ উৎকট দূৰ্গন্ধৰে তোক কষ্ট দিম।” এই দূৰ্গন্ধ সহিব নোৱাৰি, মোৰ চৈতন্য পৰ্য্যন্ত লোপ হৈ যায়। পৰ্ব্বতৰ ওপৰৰ পৰা তলত চকুৰে