এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩ য় দৃশ্য]
১০৩
নির্মলা
| আগে লৰি ফুৰিছোঁ। কিন্তু বিপদে মোক নেৰিলে।
যি কৰে ঈশ্বৰে—সন্যাসীক আশ্ৰম ত্যাগ নকৰাওঁ। আজি ৰাতিয়েই ওলাই যাম। সন্যাসীজনৰ কিন্তু সত্যবাদিতা, সৰলতা আৰু ধৰ্ম্ম ভিৰুতা শলাগিব- লগীয়া, ঈশ্বৰে তেওঁৰ সাধনাৰ সিদ্ধি কৰোক। |
৩য় দৃশ্য
আলিবাট।
(লাঠিত ভৰ দি বৰুৱাৰ প্ৰৱেশ )
| বৰুৱা— | শৰীৰ ক্ৰমে অৱশ হৈ উঠিছে। ভৰি প্ৰতি খোজতে
কঁপি উঠে। চকুৰেও লাহে লাহে মনিব নোৱাৰা হৈ আহিছোঁ। জীৱনী শক্তিও হ্ৰাস হৈ আহিছে। আহা, শক্তি দায়ক মৃত্যু! তোমাৰ মধুৰ, কোমল, স্নিগ্ধ কোলাত কৈ আৰু অধিক ইপ্সিত একো নাই। উঃ। পিয়াহত অণ্ঠে কণ্ঠে শুকাই গৈছে! ( বহে ) কত দিন হল, কত ৰকমে, কত ঠাইত, মোৰ আইক বিচাৰিলে।, তথাপি একো উৱাদিহ নাপালোঁ। পদ্মৰো বহুদিন খবৰ নাই। সেই এখন চিঠি পালো- |