এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২
[৫ ম অঙ্ক
নিৰ্ম্মলা
| গতিকে এই ঠাই এৰি যোৱাতো মোৰ সৰ্ব্বতো
ভাৱে উচিত। কিন্তু তুমি নিৰাশ্ৰয়া যুৱতী। তোমাৰ পক্ষে এনে এটা আশ্ৰয়ৰ বিশেষ প্ৰয়োজন। বাৰু আজি আবেলি কেইটামান নিয়ম আৰু প্ৰণালী শিকাই দি যাম। বৰ্তমান তুমি সেই মতেই চলিবা। মই আকৌ এবাৰ আহি তোমাক আৰু কিছু শিকাই দি যামহি। তুমি অলপ পিচতে উপাসণা ঘৰলৈ আহিবা। |
(প্ৰস্থান )
| নিৰ্ম্মলা— | হৰিণাৰ নিজ মঙ্গহেই মহা শত্ৰু হোৱাৰ দৰে,
মোৰ ৰূপো মোৰ মহা আপদৰ বাঁহ হে হ'ল। ঈশ্বৰে কিয় যে মোক সুন্দৰী কৰি সৃজন কৰিলে ক'ব নোৱাৰো। মদাৰ ফুলৰ দৰে ইয়াৰ একো সাৰ্থকতা নাই। বহুত দিনৰ মূৰত যি আশ্ৰয় পাইছিলোঁ, এই ৰূপৰ কাৰণেই তাকো হেৰুৱাব লগাত পৰিলো। এতিয়া কি কৰা উচিত। কত পৰিশ্ৰম কৰি সন্যাসীজনে আশ্ৰমথনি গঢ়ি তুলিছে, কত মানুহে পুৱা-গধূলি তেওঁৰ মুখে দুটি সঙ্গ কথা শুনি তাপিত প্ৰাণ শীতল কৰিছে, ইয়াৰ পৰা তেওঁ মোৰ নিমিত্তেই আঁতৰি যাব লগা হ'লে, বৰ বেয়া কথা হ'ব আৰু অন্য গতি নাই। ৰাৱণ কুকুৰৰ আগত হৰিণীৰ দৰে, ময়ো বিপদৰ আগে |