সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
[৫ম অঙ্ক
নিৰ্ম্মলা


কাল পৰকাল জন্ম-জন্মান্তৰ বেঢ়ি আছে। সতী-

সকলে বোধ কৰে। এই প্ৰেমৰ আহ্বানতেই নিৰ্ভীক চিত্তে জুইত জাপ দি পৰিছিল। বিধবাবিলাকে আজিও এই প্ৰেমৰ আদৰ্শকে আগত লৈ জীৱন ব্যাপী কঠোৰ ব্ৰহ্মচৰ্য্যত আনন্দে দিন কটায়।

(বাবাজীৰ প্ৰৱেশ )

সন্যাসী— বৎসে। তোমাক এটা কথা কবলৈ হে আহি

ছিলো। মই কালিলৈ পুৱাতে এই আশ্ৰম ত্যাগ কৰিম। তুমি ইয়াতে অন্যান্য চেলাৰ লগত থাকিব॥ তিৰোতা মানুহো আছে, একো ভয় নাই। আজি আবেলি তোমাক কেইটামান সাধনাৰ ক্ৰম শিকাই দিম। বৰ্তমান তাকে অভ্যাস কৰা। সময়ত মই আকৌ উপস্থিত হমহি।

নিৰ্ম্মলা— বাবা। সেই দিনা ৰাতি ইমান কষ্ট কৰি সেই ভীষণ

দুৰ্য্যোগত আপুনি মোক বাটৰ দাঁতিৰ পৰা বুটলি আনি অশেষ যত্ন কৰি শুশ্ৰুষা কৰি ৰক্ষা নকৰা হলে, সেই দিনাই মোৰ মৃত্যু হ'লহেঁতেন। বাবা! ইমান দয়া কৰি এতিয়া মোক এৰি যায় নে? সংসাৰত যে আৰু মোৰ কোনো নাই। ম‍ই বৰ অকলশৰীয়া। আপোনাৰ শ্ৰীচৰণৰ সেৱা কৰিবৰ সুযোগৰ পৰা মোক বঞ্চিত নকৰিব। মোক এৰি নাযাব।