| মোৰ পক্ষে অসন্তুৱ হৈ পৰিছে। ই এটা বিৰাট
ভণ্ডামিত পৰিছেগৈ। মোৰ সমান পাপীষ্ঠা সংসাৰত নাই। ক'ত ঈশ্বৰ স্তুতি পাঠ, ধ্যান-কাৰণ কৰি দেহটো শুদ্ধ কৰিম, তাকে নকৰি দিনে ৰাতিয়ে প্ৰেমাস্পদৰহে চিন্তা কৰি নিজৰ ইহকাল পৰকাল একেবাৰেই নষ্ট কৰিছোঁ৷ ( চিন্তা কৰি ) কিন্তু এই ঈশ্বৰ চিন্তা আদি ধৰ্ম্ম কাৰ্য্যৰ প্ৰকৃত উদ্দেশ্য কি? ঐহিক আৰু পাৰত্ৰিক সুখেই যদি ইয়াৰ লক্ষ্য হয় তেনে হলে মই এনে ঐহিক সুখৰ কল্পনাও কৰিব নোৱাৰো। য'ত পথৰ চিন্তা নাই তাত কোনো পাৰত্ৰিক সুখো মোৰ পক্ষে সুখ হ'ব নোৱাৰে, যদি তাৰ পৰা পদ্মৰ স্মৃতি দূৰ কৰি দিয়া যায়। আজিৰ পৰা একান্ত চিত্তে মই প্ৰেমাস্পদৰ মধুৰ মূৰ্ত্তিটিকে হৃদয়ত ধ্যান কৰিম। সন্যাসীয়ে যোগক চিত্তবৃত্তি নিৰোধ বুলি কৈছে। তাৰ কাৰণ মন একাগ্ৰ হ'ব লাগে। পদ্মৰ চিন্তাৰ বাহিৰে অন্য একোৱেই মোৰ চিত্তক স্থিৰ একাগ্ৰ কৰিব নোৱাৰে। এই চিন্তাত যদি ইন্দ্ৰিয় পৰিতৃপ্তিৰ ইচ্ছা বা সম্বন্ধ থাকিলহেঁতেন তেন্তে এই প্ৰেক কাজ প্ৰেম বুলি ত্যাগ কৰিবলৈ চেষ্টা কৰিলে 1- হেঁতেন। কিন্তু মোৰ এই প্ৰেম যে পবিত্ৰ, মহান। ই এক মধুৰ বেষ্টনেৰে মোৰ মন প্ৰাণ আত্মা ইহ- |