সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২য় দৃশ্য

( আশ্ৰম )

—×—

নিৰ্ম্মলা— সন্যাসীজন বৰ দয়ালু। তেওঁ কিমান যত্ন কৰি মোক ঈশ্বৰ উপাসনাৰ ধ্যান-কাৰণ শিকাইছে। সেই সকলো ধ্যান উপাসনাৰ মাজতো সেই এক মাত্ৰ চিন্তাক মোৰ মনৰ পৰা দূৰ কৰিব নোৱাৰোঁ। কিয়? ৰাতিপুৱা উপাসনাত বহি ঈশ্বৰৰ স্বৰূপ ধ্যান কৰোঁতে পদ্মৰ স্বৰূপ আহি মোৰ গোটেই হিয়াখনি জুৰি বহেহি। প্ৰাণায়মত বিষ্ণু-ৰূপ বন্দনা কৰোতে পদ্মৰ ৰূপৰ বাহিৰে অইন একো ৰূপ মনে বন্দনা কৰিব নোৱাৰে। মুঠতে ধৰ্ম্ম চিন্তা