এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম দৃশ্য ]
৯১
নিৰ্ম্মলা
| তোমাক সপোনতো ধ্যান কৰো। |
| নিৰ্ম্মলা— | শুনি কৃতাৰ্থ হলো। |
| মহেশ্বৰ— | নিৰ্ম্মলা তুমি সৌন্দৰ্য্যৰ ৰাণী, তোমাৰ মাতত
সঙ্গীত, হাঁহিত মৌ, দৃষ্টিত আনন্দ। নিৰ্ম্মলা! তোমাক মই বৰ ভাল পাওঁ। তুমি মোৰ হবানে? |
| নিৰ্ম্মলা— | দেৱে বুঢ়া বয়সত বেচ কবিত্ব শিকিছে। পিচে
মতোৱাৰ উদ্দেশ্য। |
| মহেশ্বৰ— | উদ্দেশ্য, তোমাৰ প্ৰেম ভিক্ষা –। |
| নিৰ্ম্মলা— | দেউ! প্ৰেম এনে বস্তু নহয় যে ভিক্ষা কৰিলেই
টপ্ কৰে পেলাই দিব পাৰি। বিশেষতে আপোনাৰ কবিত্বত মুগ্ধ হবৰ বয়স মোৰ নাই। তাৰ উপৰি আপুনি জানেই যে, মই যাদু বাপুৰ বিধবা পত্নী। |
| মহেশ্বৰ— | তোমাৰ জাত গৈছে — বিধৱাৰ বিচাৰ তোমাক
কিয়? |
| নিৰ্ম্মলা— | জাত যোৱা তিৰোতাৰ লগত সংসৰ্গ কৰিলে,
আপোনাৰ জাতটো থাকিব জানো? |
| মহেশ্বৰ— | সুন্দৰী। জাত-তাত, সেইবোৰ সাধাৰণ মানুহক
শাসন কৰিবৰ কাৰণে বন্ধা-কৰা বস্তু। নিৰ্ম্মলা তুমি মোৰ হোৱা। মই তোমাক বৰ সুখত ৰাখিম। |
| নিৰ্ম্মলা— | ওহোঁ দেউ! সকলো অৰণ্যৰ ৰোদন- আশা
একো নাই। |
| মহেশ্বৰ— | কৰুণাময়ী। কৰুণা কৰা। কোৱা তুমি মোৰ |