এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
[ 8 ৰ্থ অঙ্ক
নিৰ্ম্মলা
| ভকতনী— | মই বুঢ়ীমাৰে তোৰ গপটো ভাঙিহে এৰিম। ৰ। |
(প্ৰস্থান )
-৫ম দৃশ্য-
গাঁৱৰ অন্য এক অংশ
| মহেশ্বৰ— | (অকলে ) এইবাৰ মনোমত বস্তু হাতত পৰিছে।
ইপিনে ভোগৰ দিলো উকলি আহিল। তথাপি যি কেইটি আছে তাৰ সজ ব্যৱহাৰ কৰি ল'ব লাগিব। নিৰ্ম্মলা— নামটি কি চিকুণ আৰু ৰূপটি! নামটিতকৈও চৰা। যেন সোণত সুৱগাহে খটোৱা। নাকটি ঠিক যেন তিল ফুলটিৰ দৰে। চকুজুৰি তাক বৰ্ণাব নোৱাৰি। গোলাপী ৰঙৰ ওঠ ছুটি দেখিলেই চুমা এটি খাবৰ মন যায়। মোৰ বৰ ভাগ্যৰ বলতহে এনে মানিক হাততে পৰিছেহি। ভকতনী! নিৰ্ম্মলাক এই পিনে লৈ আহ। |
(ভকতনীৰ নিৰ্ম্মলাক লৈ প্ৰৱেশ )
| ভকতনী! তই যা, নিৰ্ম্মলাৰ লগত মোৰ
কথা আছে। |
(ভকতনীৰ প্ৰস্থান )
| আহা নিৰ্ম্মলা! সুন্দৰী, প্ৰেমময়ী, দেবী, মই |