এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৃশ]
৮৯
নিৰ্ম্মলা
| ভকতনী— | সেই সকলোবোৰ দিহা পোহা আমাৰ ডাঙৰীয়া
দেউতাইহে কৰিছে। তেওঁ বৰ ভাল মানুহ আইটি। তোমাৰ কাৰণে কত কাপোৰ-কানি, গহনা- পাতি পঠিয়াইছে। সেই বোৰ তুমি নিপিন্ধা বুলি শুনি তেওঁ বৰ দুখ পাইছে। |
| নিৰ্ম্মলা— | মই দুখীয়া মানুহৰ ছোৱালী,সেইবোৰ পিন্ধাৰ
অভ্যাস নাই। তাৰ উপৰি মই বিধবা। মোৰ পক্ষে সেইবোৰ নিপিন্ধাই ভাল। |
| ভকতনী— | তোমাক সেইবোৰ নিয়ম-কাৰণ কেলৈ? জাতটো
এনেও গ'ল, তেনেও গল তাকটো আকৌ ওভোটাই নোপোৱা৷ এতিয়া অলপ সুখকে কৰি লোৱা। আমাৰ ডাঙ্গৰীয়া বৰ সদাশয় মানুহ। তেওঁ ইচ্ছা কৰিলে, ৰজাৰ পাটমাদৈৰ সুখত ৰাখিব। তেওঁক অৱহেলা কৰিলে পিচত পস্তাব লাগিব আই! |
| নিৰ্ম্মলা— | ছিঃ তুমি বুঢ়ী মানুহজনীয়ে এনে কথা কব
পোৱা নে? তোমাৰ এনে ভাৱ বুলি জনা হলে মই তোমাৰ লগত নাহিলোহেঁতেনেই। |
| ভকতনী— | ভাল কথা কলে বেয়া পোৱা কিয় আই?
এতিয়া ৰূপ থাকোঁতেই দুটি পইচা সাঁচি থোৱা, নহলে বুঢ়া কালত খাবলৈ নেপাই মৰিব লাগিব। |
| নিৰ্ম্মলা— | ছিঃ ছিঃ সেইবোৰ কথা নকবা |
(প্ৰস্থান )