সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৃশ]
৮৯
নিৰ্ম্মলা


ভকতনী— সেই সকলোবোৰ দিহা পোহা আমাৰ ডাঙৰীয়া

দেউতাইহে কৰিছে। তেওঁ বৰ ভাল মানুহ আইটি। তোমাৰ কাৰণে কত কাপোৰ-কানি, গহনা- পাতি পঠিয়াইছে। সেই বোৰ তুমি নিপিন্ধা বুলি শুনি তেওঁ বৰ দুখ পাইছে।

নিৰ্ম্মলা— মই দুখীয়া মানুহৰ ছোৱালী,সেইবোৰ পিন্ধাৰ

অভ্যাস নাই। তাৰ উপৰি মই বিধবা। মোৰ পক্ষে সেইবোৰ নিপিন্ধাই ভাল।

ভকতনী— তোমাক সেইবোৰ নিয়ম-কাৰণ কেলৈ? জাতটো

এনেও গ'ল, তেনেও গল তাকটো আকৌ ওভোটাই নোপোৱা৷ এতিয়া অলপ সুখকে কৰি লোৱা। আমাৰ ডাঙ্গৰীয়া বৰ সদাশয় মানুহ। তেওঁ ইচ্ছা কৰিলে, ৰজাৰ পাটমাদৈৰ সুখত ৰাখিব। তেওঁক অৱহেলা কৰিলে পিচত পস্তাব লাগিব আই!

নিৰ্ম্মলা— ছিঃ তুমি বুঢ়ী মানুহজনীয়ে এনে কথা কব

পোৱা নে? তোমাৰ এনে ভাৱ বুলি জনা হলে মই তোমাৰ লগত নাহিলোহেঁতেনেই।

ভকতনী— ভাল কথা কলে বেয়া পোৱা কিয় আই?

এতিয়া ৰূপ থাকোঁতেই দুটি পইচা সাঁচি থোৱা, নহলে বুঢ়া কালত খাবলৈ নেপাই মৰিব লাগিব।

নিৰ্ম্মলা— ছিঃ ছিঃ সেইবোৰ কথা নকবা

(প্ৰস্থান )