সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
[ ৪ৰ্থ অঙ্ক
নিৰ্ম্মলা


নগৰ, প্ৰতি পথত বিচাৰি চাম মোৰ নিৰ্ম্মলা ক'ত

আছে।

পদ্ম— ময়ো আজিয়েই বাহিৰ হৈ পৰিম। পিচে মানুহ-

দুনুহ মতাব লাগিছিল নহয়।

বৰুৱা — আৱশ্যক নাই। তেওঁৰ শেষ ইচ্ছা তুমি আৰু

ময়েই যেন তেওঁৰ সৎকাৰ কৰোঁ।

পদ্ম— কিন্তু মই যে, বামুণ নহয়।
বৰুৱা— পদ্ম! খুৰীদেৱৰা এতিয়া বামুণ সমাজৰ বহু ওপৰত।

তেওঁ এনে এখন দেশলৈ গৈছে য'ত সকলো পৱিত্ৰ, সকলো সুন্দৰ, সকলো মহিমামণ্ডিত।

পদ্ম— তেন্তে সেয়ে হওক।

(পট )


৪ৰ্থ দৃশ্য

পমুৱা ঘৰ-ভকতনী আৰু নিৰ্ম্মলা

নিৰ্ম্মলা— বাই! তুমি মোৰ কোনোবা জনমৰ আই আছিলা,

নহলে কোনে কাৰ কাৰণে ইমান দুখ কৰে। সেই দিনা ৰাতি তোমাৰ ঘৰত ঠাই দি ইয়ালৈ পলুৱাই ননা হ'লে, ম‍ই বৰ বিপদত পৰিলোহেঁতেন।