লুতুৰা স্বামীৰ অসজ ব্যৱহাৰ ভোগ কৰিছে। এই অৱস্থাত মোৰ কৰ্ত্তব্য কি?”
এইবোৰ কথা ভাবি ভাবি চকুলোৰে লক্ষ্মীপ্ৰভাৰ মেঠনি তিতিল। তেওঁ গোটেই জগত আন্ধাৰ দেখিলে। কিছুকাল এইদৰে তন্ময় হৈ চিন্ত৷ কৰাৰ পাচত তেওঁ যেন দূৰ আকাশত আশাৰ ক্ষীণ পোহৰ দেখিবলৈ পালে। তেওঁ মনে মনে প্ৰতিজ্ঞা কৰিলে— “মোৰ দেশৰ বাই-ভনী সকলক মই এনে এটা বাট দেখুৱাম, যাতে মোৰ দৰে নিৰাশ্ৰয় অৱস্থাত পৰিলে, তেওঁলোকে আনৰ গলগ্ৰহ নহৈ, নিজে নিজৰ জীৱিকাৰ উপায় কৰিব পাৰে। এই বাট অটবী হাবিৰ মাজেৰে হলেও সাহ কৰি যোৱ৷ সকলে লক্ষ্য সিদ্ধি কৰিবগৈ পাৰে। যদি মই এনে এটা প্ৰেৰণা তেওঁলোকলৈ এৰি যাব পাৰোঁ, তেন্তে মোৰ জীৱন সাৰ্থক হব।”
তেওঁ সেই নিশাতে স্বামীৰ ঘৰ এৰি ওচৰৰে এজন অসমীয়া ভদ্ৰলোকৰ ঘৰত আশ্ৰয় ললে। তাতো তেওঁ বেচি দিন থকা অসম্ভৱ হৈ উঠিল। কিয়নো হীন জাতি বুলি কৰা নীচ ব্যৱহাৰে তেওঁৰ কটা ঘাত খাৰণি ঢালিছিল। গতিকে তাৰপৰা গৈ এজন বঙ্গালী ভদ্ৰলোকৰ ঘৰত আশ্ৰয় ললে। মানুহজন ব্ৰাহ্ম ধৰ্ম্মাৱলম্বী আছিল। তাত যে তেওঁ শান্তিৰে আছিল, এনে নহয়। ব্ৰাহ্মবিলাকে তেওঁক ব্ৰাহ্ম-ধৰ্ম্মত দীক্ষিত হবলৈ কৈছিল। ইপিনে তেওঁৰ স্বামীয়ে তিৰোতাক ফুলাই নি তেওঁলোকে পলুৱাই ৰাখিছে বুলি আদালতত গোচৰ কৰিলে। নিৰুপায় হৈ লক্ষ্মীপ্ৰভাই তেওঁৰ প্ৰতি স্বামীৰ ব্যৱহাৰৰ কথা