সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
নাৰী-ৰত্ন।


 'যত্রাকৃতি তত্র গুণাঃ বসন্তি’— সংস্কৃত এই প্রবচনটো ফুকননীৰ গাত সুন্দৰকৈ ফলিয়াইছিল। তেওঁ সভা-শুৱনী তিৰোতা আছিল। তেওঁ দেখিবলৈকে৷ শুৱনী আছিল, মাতকথাও সুৱদী আছিল আৰু চলন-ফুৰণতো গহীন আছিল। কোনো কালে নেদেখা মানুহেও তেওঁৰ দেখিলে মনত সন্ত্ৰমৰ ভাৱ উদয় হৈছিল। তেওঁক লগত কথা পাতিলেই তেওঁ যে ডাঙৰ ঘৰৰ জীয়াৰী আৰু ডাঙৰ ঘৰৰ বোৱাৰী, তাক চিনিব পৰা গৈছিল। অসমীয়া তিৰোতাৰ সকলো সজ গুণেই তেওঁৰ আছিল। তেওঁ বব-কাটিৰ জানিছিল, ৰন্ধা-বঢ়াত পাকৈত আছিল, গীত-পদ গোৱাত, সাধুকথা কোৱাত চতুৰ আছিল, ঘৰ চলোৱাত সুগৃহিনী আছিল। তদুপৰি স্নেহ-প্রীতি, সৌজন্য-সহানুভূতি প্রভৃতি মাতৃ জাতিৰ সকলো সজ গুণেই তেওঁৰ আছিল। এটা কথাত তেওঁ আছিল এগৰাকী আদর্শ অসমীয়া মহিলা।

 ১৯২৭ খৃষ্টাব্দৰ ডিচেম্বৰ মাহত এই গৰাকী গুণৱৰ্তী মহিলাৰ গুৱাহাটী নগৰত মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স একাশী বছৰ। আজিকালিৰ মানুহৰ আয়ুসলৈ চাই তেওঁ উপযুক্ত কালতে মৃত্যু হোৱা বুলিব পাৰি। ইয়াকে৷ তেওঁ ভালদৰে চলিব জনাৰ ফল বুলিব লাগে।