যেনেকৈ স্বামীৰ প্ৰতি অটুট ভক্তি, ঈশ্বৰৰ ওপৰত দৃঢ় বিশ্বাস, ধৰ্ম্মত অচলা মতি, সেৱা ধৰ্ম্মত প্ৰাণান্ত পৰিশ্ৰম, তদুপৰি দয়া, ক্ষমা, পৰোপকাৰ প্রভৃতি নাৰী সৌন্দৰ্য্যৰ সকলো৷ সজ গুণেৰে অলঙ্কৃত আছিল, আনফালে তেনেকৈ ইংৰাজী পঢ়িলে জাতি যোৱা, স্কুললৈ গলে মান যোৱা, সভা-সমিতিলৈ গলে সম্ভ্রম নষ্ট হোৱা প্রভৃতি অমূলক ভাৱবোৰ ঘিণাইছিল। আনকি ছোৱালীবোৰে নাচ-গান কৰাতে৷ তেওঁ তেতিয়াই আগ্রহ দেখুৱাইছিল। তেওঁৰ সদায় সজ সংস্কাৰলৈ আগ্ৰহ আৰু উন্নতিলৈ ধাউতি আছিল। সকলো বিষয়তে সময়োচিত পৰিবৰ্ত্তন মানি চলা আৰু সকলো কথাতে সুৰুচি ৰাখি চলাই তেওঁৰ জীৱনৰ প্ৰধান লক্ষ্য আছিল।
ফুকননী আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম সেৱিকা, প্ৰথম লিখিকা আৰু প্ৰথম মহিলা কবি। সৰুকালৰ পৰাই অসমীয়া সাহিত্যৰ চৰ্চাত তেওঁৰ প্ৰবল ধাউতি আছিল । বয়স হোৱাত তেওঁ প্ৰায় সকলো সাময়িক আলোচনীলৈকে প্ৰৱন্ধাদি পঠিয়াইছিল আৰু সভা-সমিতিত প্ৰায়েই সাৰুৱা বক্তৃতা দিছিল । জীৱনৰ শেষ দিনলৈকে তেওঁ অসমীয়া সাহিত্যৰ চৰ্চাত লাগি আছিল। বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁৰ লিখাৰ গাম্ভীৰ্য্য আৰু ভাষাৰ লালিত্য বাঢ়ি গৈছিল। তেওঁ যি বিষয়ে লিখিছিল বা যি বিষয়ে সভা-সমিতিত কৈছিল তাৰ আগতে সেই বিষয়টো পঢ়ি-শুনি আয়ত্ত্ব কৰি লৈহে লিখিছিল বা কৈছিল। তেওঁ ‘হিতসাধিকা’ আৰু ‘সুধৰ্ম্মাৰ উপাখ্যান' নামৰ দুখনি পুথি লিখি ছপাইছিল।