তেওঁলোকৰ ওঠৰটি সন্তান হৈছিল। তাৰে পোন্ধৰটিৰ
অকাল বিয়োগ ঘটে। বৰ্তমান তিনিজনী কন্যা জীৱিত আছে।
১। স্কুল ইনস্পেক্টৰ ৺ দুৰ্গাধৰ বৰকটকীৰ পত্নী শ্ৰীযুক্তা কমলিনী দেৱী।
২। সাধক ৺ যোগেশ্বৰ কটকীৰ পত্নী শ্ৰীযুক্তা হীৰাৱতী দেৱী।
৩। ভোলাগুৰি সত্ৰৰ ৺ পূৰ্ণকান্ত বৰুৱাৰ পত্নী শ্ৰীযুক্তা মুক্তাৱতী দেৱী।
১৮৫৩ খৃষ্টাব্দৰ ৯ জানুৱাৰী ৰবিবাৰে বৰপেটা নগৰত ফুকননীৰ জন্ম হৈছিল। তেওঁৰ জন্মকালক পুৰণি আৰু নতুন যুগৰ সংযোগ কাল বুলিব পাৰি। তেতিয়া আমাৰ দেশত নতুনকৈ ইংৰাজী স্কুল হব ধৰিছে আৰু ইংৰাজী শিক্ষাৰ যোগে দেশত পাশ্চত্য সভ্যতা বিস্তাৰৰ পাতনি পাতিছে। তেতিয়াৰ দিনৰ প্ৰাচীন শিক্ষিত লোক সকলে আমাৰ আগৰ সকলো ভাল, নতুন সকলো বেয়া আৰু ইংৰাজী শিক্ষিত লোক সকলে আমাৰ সমাজৰ আচাৰ নীতিবোৰ মামৰে ধৰা, পছিমীয়া ৰীতি-নীতিবোৰ শানত দিয়া—এই ভাৱত চলিছিল। গতিকে সমাজৰ প্ৰায় সকলো মানুহেই বাছ-বিচাৰ নকৰি নতুন বা পুৰণি এটাক খামুচি ধৰি চলিছিল। কিন্তু ফুকননী সেইদৰে যেই সেই এটাকে ধৰি থকা বিধৰ লোক নাছিল। আমি তেওঁৰ জীৱনত পুৰণি আৰু নতুন দুয়োটাৰে সমিলমিল দেখিবলৈ পাওঁ। তেওঁ দুয়োবিধ সভ্যতাৰে ভালখিনি বাছি লবলৈ সদায় যত্নবান আছিল। তেওঁ এফালে