সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩)


 কিন্তু ভাৰতত নাৰীৰ অধিকাৰৰ আলোচনা ইমান অলপ দিনৰ কথা নহয়। ওপৰত উদ্ধৃতকৰা কথাখিনিয়ে নাৰীৰ প্ৰতি ভাৰতীয় ভাবৰ মাথোন এটা দিকহে প্ৰকাশ কৰিছে ৷ নাৰীৰ প্ৰতি ভাৰতীয় ভাৱৰ আন এটা ভাগো আছে। যি ভাৰতত নাৰীৰ অধীনতা একেবাৰে স্বতঃসিদ্ধৰ আকাৰে এসময়ত ধৰি লোৱা যেনে দেখা যায়, সেই ভাৰততে এইটোও কোৱা হৈছিল যে “যত্ৰনাৰ্য্যস্তপূজান্তে, পূজ্যন্তে সর্ব্বদেবতাঃ”— যত নাৰীৰ পূজা হয়, তাতেই সকলে৷ দেৱতাৰ পূজা হয়। ভাৰতৰ অসংখ্য উপাস্য মূৰ্ত্তি নাৰীমূৰ্ত্তি। সংসাৰত সকলো শক্তিৰ তল। সেই শক্তিয়ে ভাৰতীয় ধ্যানত নাৰীৰ আকাৰেহে দেখা দিছে।

 বিলাতত বিবাহিতা তিৰোতাৰ নিজা সম্পত্তিৰ আইন (Married women's Property act) 'পাছ' হবৰ আজি তিনি কুৰি বছৰ মানহে হল। কিন্তু ভাৰতত বহু হাজাৰ বছৰৰ আগেয়ে স্ত্রীধনৰ ব্যৱস্থা হৈছে। তিৰোতাৰ আত্মা আছে নে নাই সেয়ে বহুদিনলৈকে কেতবোৰ পাশ্চাত্য দার্শনিকৰ তৰ্কৰ বিষয় আছিল। অনেক সময়ত ইউৰোপত আইন মতে তিৰোতাক ঘটি-বাটিৰ দৰে এবিধ অস্থাৱৰ সম্পত্তি (chaltel) বুলিও ধৰা হৈছিল। ভাৰতত তিৰোতাৰ অধীনতাই ইমান শোচনীয় আকাৰ কেতিয়াও লোৱা নাই ৷

 তথাপি আমি নিজৰ দোষখিনিলৈ একেবাৰে চকু মুদিলে নহব। আনৰ বেছি দোষ দেখুওৱাৰ পৰা নিজৰ দোষবোৰ পাতল নহয়। ভাৰতত নাৰীৰ প্রতি অনেক ওখ ওখ ভাব থকাতো যে সৰ্ব্বসাধাৰণৰ আগত নাৰীয়ে পুৰুষক সেৱা কৰা ব্ৰতটোহে অতি বেছিকৈ ডাঙি ধৰা হৈছে সেইটে| অস্বীকাৰ কৰিব নোৱাৰি। এটা কথা মনত কৰিবলগীয়া,— সকলো প্রাণীয়ে জীবন- গ্রহণ, আৰু জীৱন আৰম্ভ, আন কি জীৱন-ধাৰণৰ বাবেও তিৰোতাৰ ওচৰতে বেছি ঋণী। মানুহত বাজে অন্যান্য প্ৰাণীৰ ভিতৰত শিশুক তুলি-তালি