সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
ৰাণী অভয়েশ্বৰী।

সকলোকে লৈ তাত বাহৰ সজাই থাকেগৈ। ৰাণীৰ ভায়েক ভবানীচৰণ আৰু দেৱান বৰদা হালদাৰে তাৰ কিছুমান প্ৰজাক তুলি গছ-বন কাটি ঠাই মুকলি কৰাৰ ব্যৱস্থা কৰিছিল। ৰাণীয়ে প্ৰজাক তুলি দিয়া কথাৰ গম নাপায়। পিচে, গছবোৰ পৰাৰ গুৰুম্ গুৰুম্ শব্দ শুনি তেওঁ এদিন বেটী এজনীক সুধিলে— "বৰটোপৰ শব্দৰ দৰে এইবোৰ কিহৰ শব্দ হৈছে?” বেটীজনীয়ে ৰাণীক জনালে — “আই দেউতা! ৰাজধানীৰ কাৰণে ঠাই মুকলি কৰিবলৈ ডাঙৰ ডাঙৰ গাছবোৰ কটাইছে। এইবোৰ গছ পৰাৰহে শব্দ; বৰটোপ বা আন একোৰে শব্দ নহয়।” এই কথা জানি তেওঁ দেৱানক মতাই আনি কলে— “প্ৰজাৰ ইমানবোৰ পুৰণি সম্পত্তি ধ্বংস কৰি ৰাজধানী ইয়াত পাতিব নালাগে। গছ কটা বন্ধ কৰাওক। একোজোপা গছ পৰা শব্দ শুনিলে মোৰ পিঠিত একোটা ভুকু পৰা যেন লাগে।”

 ৰাণীৰ আদেশ পাই তাত কাম বন্ধ কৰা হল। সেইবোৰ ঠাই আগৰ প্ৰজাবোৰক ওভোটাই দিয়া হল। ৰাণীয়ে তাৰপৰা বাহৰ ভাঙি অভয়পুৰলৈ আহিল। অভয়পুৰ তেতিয়া অটবী হাবি। সেই হাবি ভাঙি ৰাজধানী পাতিবলৈ হুকুম দিলে। তাত ৰাজধানী পাতি ৰাণীৰ নামেৰে তাৰ নাম অভয়পুৰী ৰখা হল।

 গাৰো পাহাৰৰ এটা অংশ বিজনী ষ্টেটৰ অধীন। তাত সোণাৰাম নামে এজন দুৰ্দান্ত গাৰো আছিল। সি গাৰোবোৰৰ