সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
নাৰী-ৰত্ন।

কথা কাকো একো নকৈ হাতত সাৰে, ভৰিত সাৰে বঙলাৰ বাহিৰ হল। অলপ দূৰ গৈ তেওঁ হাবিৰ মাজত সোমাল। ৰাতিৰ এন্ধাৰ আৰু হাবিৰ হিংস্ৰ জন্তুলৈ ভয় তেওঁৰ মনলৈ নাহিল। তেওঁ হাবিৰ মাজে মাজে গৈ গৈ গোৱালপাৰাৰ আমোলাপটি ওলাল। কাঁইটৰ আচোৰত তেওঁৰ শৰীৰ তেজেৰে তুমৰলি হল; পিন্ধা কাপোৰ ফাটি-ছিটি কোন ডোখৰ ক'ত ৰ'ল তেওঁ কবকে নোৱাৰিলে।

 এনে বাউলী বেশেৰে তেওঁ কৈলাস চন্দ্ৰ সেন নামেৰে সেই সময়ৰ গোৱালপাৰাৰ এজন মুক্তিয়াৰৰ ঘৰ ওলালগৈ। মুক্তিয়াৰে ৰাণীক চিনি পালে আৰু তেওঁৰ অৱস্থা দেখি টভক্‌ খালে। তেওঁ আতৌ-পুতোকৈ ৰাণীক পিন্ধিবলৈ নতুন কাপোৰ অনাই দিলে আৰু সসন্মানে নিজৰ ঘৰত ৰাখিলে। তাৰ পাচত তেওঁ মহকুমাধিপতিক সকলো কথা জনালেগৈ। মহকুমাধিপতিয়ে ৰাণীৰ ৰক্ষাৰ কাৰণে ৰাতি মুক্তিয়াৰৰ ঘৰত পুলিচ-পৰীয়া ৰাখিলে।

 পিচদিনা পুলিচ-পৰীয়া লগত দি জাহাজেৰে ৰাণীক ধুবুৰীলৈ পঠালে। ৰাণী তেনেই অকলশৰীয়া; লগত বেটী এজনীও নাই। তেওঁৰ লগত যোৱা পৰীয়াবোৰৰ জনদিয়েক বিজনীৰ প্ৰজা আছিল। সিহঁতেই ৰাণীৰ আল ধৰিছিল।

 সেই সময়ত মেছপাৰা ষ্টেটৰ দেৱান কাম এৰি বৰদা হালদাৰ নামে এজন বুধিয়ক মানুহ গোৱালপাৰাত আছিল। বঙ্গদেশৰ বিক্ৰমপুৰত তেওঁৰ ঘৰ। ৰাণীয়ে তেওঁক ধুবুৰীলৈ