সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ৰাণী অভয়েশ্বৰী।

ঢুকাল বিদেশত; সতি-সন্ততি নাই; তেওঁ কোনে৷ উত্তৰাধিকাৰীও পাতি থৈ নগল। ৰাণী দুগৰাকীৰ মিল নাই। গতিকে বিজনী ষ্টেট্‌ এক প্ৰকাৰে অৰাজক হল।

 দুয়ো ৰাণী কলিকাতাৰ পৰা আহি গোৱালপাৰাত থাকিল। তেওঁলোক ষ্টেটত সোমোৱাৰ লগে লগে বিষয়া-আমোলা আৰু প্ৰধান প্ৰজাবোৰৰ দুটা দল হল। সেই সময়ত জীৱনৰাম ফুকন বিজনীৰ দেৱান আছিল। তেওঁ ডাঙৰ ৰাণীৰ দলৰ নেতা হল। গতিকে তেওঁৰ দলেই পুৰঠ হল। তেওঁলোকেই ষ্টেট্ চলালে। ৰাণী অভয়েশ্বৰীক নজৰ বন্দী কৰি ৰাখিলে। তিমানতো তেওঁলোক সন্তুষ্ট নহল। অভয়েশ্বৰী জীয়াই থাকিলে ভবিষ্যতে গোলমাল লগাব পাৰে বুলি ভাবি তেওঁক শেষ কৰিবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে।

 তেওঁলোক থকা ঘৰটো এটা টিলাৰ ওপৰত। ওচৰত আন মানুহৰ ঘৰ-বাৰী নাই। পিচ ফাল হাবি-বননিয়ে ভৰা। এদিন গধূলি অভয়েশ্বৰীয়ে নিজৰ ভাগ্যৰ কথাকে গুণি ঘৰৰ পিচ ফালৰ বাৰাণ্ডাৰ এমূৰে অকলশৰীয়াকৈ মন মাৰি বহি আছিল। এনেতে বেটি এজনীয়ে আহি তেওঁক কাণে কাণে কলে— “আইদেউতা! আজি ৰাতি ইহঁতে আপোনাক বিহ খুৱাই মাৰিবলৈ দিহা কৰিছে। ম‍ই সিহঁতৰ আলোচনা নিজ কাণে শুনিছে।।”

 বেটীৰ কথা শুনি অভয়েশ্বৰীৰ থৰ,কাছুটি হেৰাল। তেওঁ পলাই প্ৰাণৰক্ষা কৰিবলৈ থিৰ কৰিলে। তেওঁ নিজৰ মনৰ