সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
নাৰী-ৰত্ন।

যেন হৈছিল। অনুমান ৰাতি ন মান বজাত হঠাতে মোৰ চকুটো ফুটি যোৱা যেন লাগিল। ম‍ই চিঞৰ-বাখৰ লগালোঁ; কিন্তু অলপ পাচতে অচেতন হলোঁ। মোৰ চিঞৰ শুনি অন্তঃপুৰৰ বহুতো লিগিৰি মোৰ কুঠৰীলৈ লৰি আহিল। সিহঁতে মোৰ চকুৰপৰা তেজৰ ধাৰ বৈ যোৱা দেখিছিল। দৰৱ-জাতি দিয়াত কিছুদিন পাচত ক্রমে চকুৰ বিহ-দুখ নোহোৱা হল; কিন্তু চকুটোৰে ম‍ই নেদেখা হলোঁ। চকু-চিকিৎসাৰ কাৰণে আমি কলিকাতালৈ লৈ গৈছিলোঁ। তাৰ ডাক্তাৰ সকলে চাই মোৰ চকুটো তেনেই নষ্ট হোৱা বুলি কৈ মণিটো উলিয়াই পেলালে। কি কাৰণে মোৰ চকুৰ পৰা তেজৰ ধাৰ পৰিছিল, অন্তঃপুৰৰ কোনেও কব নোৱাৰে। ডাক্তাৰ সকলৰ অনুমান যে, কোনোবাই খুঁচি মোৰ চকু নষ্ট কৰিছিল।”

 এনে ঘৰুৱা অশান্তিৰ কাৰণে মনৰ দুখত ৰজা কুমুদ নাৰায়ণে এদিন কলিকতাত পায়খানালৈ গৈ দিন দুপৰতে গলত ছুৰি দিয়ে । গোঁ-গোঁৱনি শুনি তেওঁক পায়খানাৰ পৰা অনোৱা হয় আৰু ততাতৈয়াকৈ ডাক্তাৰ আনি কটা ঘা চিলাই কৰোৱা হয়। ৰজাই চেতন পাই পুনৰ ভুকু মাৰি সেই ঘা মুকলি কৰি দিয়ে। এই বেলি ৰজাৰ প্ৰাণবায়ু বাহিৰ হল। ৰজা সিপুৰীলৈ গল; ই পুৰীত থাকিল তেওঁৰ দুগৰাকী সন্তানহীন পত্নী আৰু বিশাল বিজনী ষ্টেট।

 বিজনীৰ নিয়ম মতে ৰজা ঢুকালে তেওঁৰ উত্তৰাধিকাৰীক গাদীত বহুৱাইহে ৰজাৰ মৰা শ সৎকাৰ কৰে। কিন্তু ৰজা