মেঘনাদ সিংহৰ উপৰি পুৰুষ নেপালৰ মানুহ। এতিয়া
তেওঁৰ ঘৰ উত্তৰ শালমাৰাত। বৰ্ত্তমান তেওঁৰ ঘৰ হাড়ে-
হিমজুৱে অসমীয়া। তেওঁ ১৯৩৫ খৃষ্টাব্দত ঢুকাল। মৃত্যুৰ
সময়ত তেওঁৰ পঁচাশী বছৰ বয়স হৈছিল। বিজনীৰ ৰাজ-
পৰিয়ালৰ লগত তেওঁৰ আজীৱন ঘনিষ্ঠ সম্পৰ্ক আছিল। ৰাণীৰ
জীৱনী সম্পৰ্কীয় সকলো কথা তেওঁৰ মুখৰ পৰাই সংগ্ৰহ কৰা
হৈছে।
কিছুদিনৰ পাচত ৰজা কুমুদ নাৰায়ণৰ লগত অভয়েশ্বৰীৰ বিয়াৰ দিন ধাৰ্য্য হল। ষ্টেটৰ মুখিয়াল প্ৰজাবোৰক আৰু অনেক জমিদাৰক বিয়ালৈ নিমন্ত্ৰণ কৰা হ'ল। নিদ্দিষ্ট দিনত অনেক জমিদাৰ আৰু মানী লোক তেওঁলোকৰ বিয়ালৈ আহিল। খোৱা- বোৱা আৰু আনন্দ-উৎসৱৰ বিপুল আয়োজন হল। এইদৰে অতি সমাৰোহেৰে হিন্দুমতে ৰজা ৰাণীৰ শাস্ত্ৰীয় বিবাহ হৈ গল।
কুমুদ নাৰায়ণে অভয়েশ্বৰীক বিয়া কৰাই মনৰ জিদহে পূৰণ কৰিলে; কিন্তু তেওঁৰ সংসাৰ-মুখ নাপালে। বোধকৰোঁ বিধাতাই তেওঁৰ কপালত সংসাৰ-মুখ লিখাই নাছিল। দুয়ো ৰাণীয়ে দিনে-ৰাতিয়ে দন্দ্-খৰিয়াল কৰিবলৈ ধৰিলে। ৰজাৰ বৈৰাগ্য জন্মিল।
বিয়াৰ অলপ দিনৰ পাচতে ৰাণী অভয়েশ্বৰীৰ এটা চকু কণা হল। এই ঘটনাৰ কথা বহুতে বহুত ৰকমে কয়। কিন্তু ৰাণীয়ে নিজ মুখে এইদৰেহে কৈছিল—“মোৰ চকু উঠিছিল। চকুৰ বিষত মই সাঁজতে শুইছিলোঁ। মোৰ অলপ টোপনি অহা