সেইবাৰ অভয়েশ্বৰীক বিয়া নকৰাই তেওঁক সসন্মানে পুনৰ মাকৰ ঘৰলৈ পঠিয়াই দিয়ে ।
কিন্তু ডেকা ৰজাই অভয়েশ্বৰীক পাহৰিব পৰা নাছিল। তেওঁৰ অভিলাষ পূৰ্ণত বাধা দিয়া কাৰণে ৰাণীক ক্ৰমে দেখিব নোৱাৰা হল । তেওঁলোকৰ প্ৰায় সদায়ে ঠোঁটা-মোজা লাগিবলৈ ধৰিলে। তেতিয়া ৰজাৰ অভয়েশ্বৰীলৈ আকর্ষণ বেচিহে হল । তেওঁ ৰাণীৰ হক|-বাধালৈ আওকাণ কৰি অভয়েশ্বৰীক বিয়া কৰাবলৈ মন বান্ধিলে ৷ সেই উদ্দেশ্যে তেওঁ পুনৰ ৰাজ-যোগ্য সন্মানেৰে অভয়েশ্বৰীক অনাবৰ দিন কৰিলে ।
নিদ্দিষ্ট দিনত শ্যামসিংহই উত্তম সাজ-পাৰ, দামী অলঙ্কাৰ- পাতি, অনেক বেটী-লগুৱা আৰু বহুতো চিপাহী-বৰকান্দাজ লৈ অভয়েশ্বৰীক আনিবলৈ শালমাৰালৈ গল । বাটতে তেওঁলোকৰ এটা ঘটনা ঘটিল।
ৰজাই অভয়েশ্বৰীক আনিবলৈ অন্তঃপুৰৰ প্ৰধান কাৰবাৰণী ফুঁটে প্ৰিয়াক প্রধান মহিল৷ ৰূপে পঠিয়াইছিল । তেওঁ বৰ শকত-আৱত আদহীয়া তিৰোতা আছিল । শালমাৰা গাওঁ পোৱাৰ আগতে তেওঁৰ দোলাৰ এডাল মাৰি ভাগিল। তেতিয়া তেওঁ অভয়েশ্বৰীৰ বাবে পঠোৱা দোলাত উঠি গল । আহিবৰ সময়ত তেওঁলোকক এখন দোলাৰ আৱশ্যক হল। গাওঁত খবৰ কৰি জানিব পাৰিলে যে, মেঘনাদ সিংহৰ এখন দোলা আছে। সেইখন দোলা অনাই অভয়েশ্বৰীক ডুমৰিয়ালৈ নিয়া হল।