সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
ৰাণী অভয়েশ্বৰী।

শগুনবোৰে আপোনাৰ বাৰীত কঁঠাল খোৱাৰ দৰে কিছুদিনৰ পিচত আপোনাৰ ঘৰত ঢেৰ মানুহে খাব আৰু খাবলৈ পাই নিজক ভাগ্যবান বুলি ভাবিব।” দুখীয়া নিশাৰামৰ কাণত তেতিয়া এই কথা উপলুঙা যেনেহে বাজিছিল।

 আজি-কালি কৰি দৰিদ্ৰতাৰ মাজেৰে অভয়েশ্বৰী গাভৰু হল। তেওঁ সুশিক্ষিতা, সজচৰিত্ৰা আৰু পৰম ৰূপৱতী বুলি খ্যাতি লাভ কৰিলে।

 শ্যামসিংহ নামে ৰজা কুমুদ নাৰায়ণৰ এজন বিশ্বাসী টেকেলা আছিল। ৰাজকাৰ্য্য উপলক্ষে সি উত্তৰ শালমাৰালৈ আহোঁতে নিশাৰাম বৰুৱাৰ ঘৰত অভয়েশ্বৰীক দেখিলে। সি আগতে আনৰ মুখতো তেওঁৰ প্ৰশংসা শুনি আছিল। সি গৈ ৰজাক অভয়েশ্বৰীৰ ৰূপ-গুণৰ কথা কলেগৈ। ৰজাই অভয়েশ্বৰীক নিজ চকুৰে চাবলৈ কৌতুহল প্ৰকাশ কৰিলে।

 ৰজাৰ মনৰ কথা শ্যামসিংহে আন এদিনাখন আহি নিশাৰাম বৰুৱাক কলত, বৰুৱাই শুভ দিন-ক্ষণ চাই জীয়েকক দোলাৰে শ্যামসিংহৰ লগত ডুমৰীয়ালৈ পঠিয়াই দিলে। ডুমৰীয়া তেতিয়া বিজনীৰ ৰাজধানী আছিল। ১৮৯৭ খৃষ্টাব্দৰ ভূঁইকঁপত সি উছন হৈছে। এতিয়া তাত ৰাজধানীৰ চিন-ছাব নাই।

 অভয়েশ্বৰীক দেখি ৰজা কুমুদ নাৰায়ণৰ বৰ ভাল লাগে আৰু তেওঁ অভয়েশ্বৰীক বিয়া কৰাবৰ মন কৰে। সেই সময়ত তেওঁৰ প্ৰথমা ৰাণী সিদ্ধেশ্বীক বিয়া কৰোৱা মাত্ৰ দুবছৰহে হৈছিল। গাভৰু ৰাণীয়ে ৰজাৰ ইচ্ছাত দুৰ্ঘোৰ আপত্তি জনায়। অগত্যা