সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
নাৰী-ৰত্ন।

থাকি আলহি-অতিথিক সুধিছিল, চুবুৰীয়াৰ দুখ-বিপদত আৰু আনন্দ-উৎসৱত অকপটভাৱে সহায় কৰিছিল। বাপেক-মাকৰ পৰা অভয়েশ্বৰীয়ে এইবোৰ সজ শিক্ষা পাইছিল।

 তেতিয়াৰ দিনত ছোৱালীৰ নালাগে লৰাৰে আজি-কালিৰ দৰে লিখা-পঢ়াৰ সুযোগ নাছিল। গাওঁৰ মুখিয়াল লোকৰ দুই-এজন লৰাইহে ৰচিদ লিখা, খাজানা কচা, মাটি কালি কৰা প্ৰভৃতি বিষয়ৰ শিক্ষা অলপ-অচৰপ পাইছিল। তাকো স্কুলৰ যোগে নহয়, জমিদাৰৰ কৰ্ম্মচাৰী সকলৰ ওচৰত শিকি। গতিকে অভয়েশ্বৰীয়ে সৰু কালত স্কুলৰ শিক্ষা একো পোৱা নাছিল। ৰজাঘৰত অৱশ্যে তেওঁ অসমীয়া, বঙ্গলা, হিন্দি আৰু পাচলৈ ইংৰাজী ভাষাও অলপ-অচৰপ শিকিছিল।

 অন্তয়েশ্বৰী বৰ ধুনীয়া ছোৱালী আছিল৷ তেওঁৰ গাৰ বৰ্ণ তেজ-গোৰা আৰু শৰীৰৰ কান্তি কমনীয় আছিল। তেওঁৰ মনোহৰ ৰূপ আৰু মধুৰ মাত-কথাই মানুহক মুগ্ধ কৰিছিল। অভয়েশ্বৰী ওপজাৰ কিছুদিনৰ পাচতে নিশাৰাম বৰুৱাৰ বাৰীত এটা অঘটন ঘটিছিল। তেওঁৰ বাৰীত বহুত কঁঠাল গছ আছিল। গছবোৰত বহুতো কঁঠাল লাগিছিল। এদিন এজাক শগুনে পকা কঁঠালবোৰ খুঁটি খুঁটি খাইছিল। আগেয়ে কতো তেনে ঘটনা নোহোৱা কাৰণে সেইটো তেওঁ কিবা অমঙ্গলৰ চিন বুলি ভাবি এজন জ্যোতিষীৰ ওচৰলৈ যায়। জ্যোতিষীয়ে পাঁজি-পুথি মেলি গণনা কৰি চাই তেওঁক কয়—“বৰুৱা ডাঙৰীয়া! এই ঘটনাই আপোনাৰ শুভ দিনৰ আগমনীহে সূচাইছে।