এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
নাৰী-ৰত্ন।
কাপোৰৰ আঁৰৰ পৰা তৰোৱাল উলিয়াই ৰাঘবৰ কৰঙনত পূৰ্ণহতীয়াকৈ ঘাপ্ মাৰিলে। ৰাঘৱ নিঢালে মাটিত ঢলি পৰিল। তেতিয়া হুচৰি গোৱা মানুহবোৰে তাক বধ কৰিলে।
তাৰ পিচৰ মুহূৰ্ত্ততে সঙ্কেত সূচক শিঙা ফুঁৱালে। আগতে লুকাই ৰখা মানুহবোৰ অস্ত্ৰ-শস্ত্ৰ লৈ কাৰেঙলৈ লৰি আহিল। সকলোৱে মৰাণক যাকে যতে পালে কাটিলে। ৰজা ৰমাকান্ত আৰু মন্ত্ৰী নাহৰ-খোৰাক বধ কৰিলে। স্বৰ্গদেৱ লক্ষী সিংহক জয়দ’লৰ পৰা মুকলি কৰি আনি পুনৰ পাটত বহুৱালে। আহোম ৰাজ্য পুনৰ আহোম ৰজাৰ হাতলৈ আহিল। বিদ্ৰোহীবোৰক কঠোৰ শাস্তি দি দমন কৰিলে।
ইয়াত মন কৰিবলগীয়া কথা এই যে, যি ৰাজ্য ৰণ কৰিও ৰক্ষা কৰিব নোৱাৰিলে, এগৰাকী বিধবা ৰাণীৰ সাহ, বুদ্ধি আৰু কৌশলত সেই ৰাজ্য উদ্ধাৰ হল। এই গৰাকী বীৰ-নাৰী নহয় নে বাৰু?