নিঘেৰিটিঙত। ৰাঘৱে ৰজাঘৰৰ কাম এৰি নিঘেৰিটিঙলৈ গল;
আৰু জুই-শালত ফুঁ দিলেগৈ।
এই সময়তে আৰু এটা ঘটনা ঘটিছিল। মোৱামৰীয়া মহন্তই বছৰি পাঁচোটাকৈ হাতী ৰজাঘৰত শোধাব লাগিছিল। তাৰে এটা ৰজাৰ, তিন্টা তিনি জনা ডাঙৰীয়াৰ আৰু এটা বৰবৰুৱাৰ। সেই বছৰ বৰবৰুৱাৰ ভাগৰ হাতীটো অলপ লেৰেলা আছিল। সেই কাৰণে হাতী শোধাবলৈ অহা মাউতটোক বৰবৰুৱাই বহুতো গালি-শপনি পাৰিছিল। মাউতে অনাহকত গালি খাই বৰ খেদ কৰি গৈছিল আৰু সেই কথা বিদ্ৰোহীবোৰৰ আগত তিলকে তাল কৰি লগাই সিও লগ লাগিল। .. মাউতৰ কথাই বিদ্ৰোহৰ অগনিত যেনিবা ঘিউহে ঢালি দিলে।
সিহঁত গুৰুজনৰ কাষ চাপিলহি। সিহঁতৰ গুৰুজন মোৱামৰীয়া মহন্তই সেই সময়ত যোৰহাটৰ মালৌ পথাৰত ‘বৰভেটি' বান্ধি বহুতো শিষ্যৰে সৈতে বাস কৰিছিল আৰু ৰাজবিদ্ৰোহীৰ সংখ্যা আৰু শক্তিৰ পৰিমাণ বুজিছিল।
ইয়াৰ আগতে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পুতেক মোহনমালা গোঁহাইদেৱে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ কূট-মন্ত্ৰণাত ৰাজ-সিংহাসনৰ পৰা বঞ্চিত হৈ ৰাজধানী এৰি নামৰূপত আছিলগৈ। বৰুৱালৈ আক্ষেপ থকাত তেঁৱো বহুতো খেদাখোৱা বিষয়াৰে সৈতে মালৌ পথাৰলৈ গৈ মোৱামৰীয়া মহন্তৰ লগ লাগিল। এইদৰে বিদ্ৰোহীদলৰ শক্তি বাঢ়িল; আৰু সকলো ফালৰ অনুকূল বতাহ পাই বিদ্ৰোহাগ্নি দপ্ দপকৈ জ্বলি উঠিল।