দি সি যেতিয়া সেৱা জনাবলৈ বৰবৰুৱাৰ চ'ৰালৈ যায়, তেতিয়া বৰবৰুৱা ভিতৰ-ঘৰলৈ সোমাল। তেওঁ ভোজনত বহিছিল। ৰাঘৱে ডাঙৰীয়াক লগ পাবলৈ বহু পৰ ৰৈ থাকিব লাগে দেখি পুতেকক এইদৰে কৈ ঘৰলৈ গ'ল— “বোপাদেউতা! ডাঙৰীয়া দেউতা বাহিৰ ওলালে কব যে, বন্দী ৰাঘৱ মৰাণে খৰি দিলেহি।”
ৰাঘৱ যোৱাৰ অলপ পাচতে বৰবৰুৱা বাহিৰ ওলাই চ'ৰাত বহিল। পুতেকে ৰাঘৱৰ কথা দেউতাকক কলে। কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা আছিল অগ্নিকলাই। তেওঁ ৰাঘৱৰ ব্যৱহাৰ মৰাণৰ ধিতিঙালি বুলি ভাবি টিঙিৰি-তুল৷ যেন হৈ কলে— “কি? সি খৰিও দিব পলমকৈ আৰু উচাট্ মাৰি গুচিও যাব লৰালৰিকৈ। ইমান তাৰ সাহ। হেই! কোন আছ, তাক ধৰি আন।” বৰবৰুৱাৰ এই আদেশ পাই ৰাঘৱক ধৰি আনিবলৈ দুজন 'টেকেলা লৰি গ'ল। সিহঁতে তাক আদ্-বাটৰ পৰা ধৰি আনি বৰবৰুৱাৰ ওচৰত হাজিৰ কৰিলেহি। বৰবৰুৱাই আগ-পিচ নুগুণি তাৰ পিঠিত দুটা চমটাৰ কোব মৰালে। এই লঘু পাপৰ কাৰণে গুৰু শাস্তি ভুঞ্জি সি দুখ কৰি ঘৰলৈ গ'ল। সি মনে মনে প্ৰতিজ্ঞা কৰিলে যে, সি এদিন ইয়াৰ পোটক তুলিহে এৰিব।
ৰাণী ফুলেশ্বৰীৰ শাসনত মোৱামৰীয়া মহন্ত সকলে ৰজাঘৰীয়া লাঞ্ছনা ভুগিবৰে পৰা, তেওঁলোকে তলে তলে ৰাজ- বিদ্ৰোহৰ তুঁহ-জুই জ্বলাই আছিল। নিঘেৰিটিঙত তেওঁবিলাকৰ বহুত শিষ্য আছিল। গতিকে বিদ্ৰোহৰ জুই-শাল আছিল