এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮। ৰাণী সৰ্ব্বেশ্বৰী।
মদাম্বিক৷ কুঁৱৰী পৰলোক হোৱাত স্বৰ্গদেৱে সলাল গোঁহাঞিৰ জীয়েক অনাদৰীক বিয়া কৰায় আৰু তেওঁকো পাটত তুলি সৰ্ব্বেশ্বৰী নাম দিয়ে। তেওঁৰ মাকৰ নাম কেৰী আছিল। মাকৰ নামেৰে তেওঁ কেৰী-ৰাজমাও দ'ল সজায়। এওঁ দুবছৰ ৰাজত্ব কৰাৰ পাচতেই স্বৰ্গদেৱ শিৱসিংহই তেওঁক বিধবা কৰি পৰলোকলৈ গতি কৰে। এওঁৰ লগে লগে আহোম- ৰাজ্যত ৰাণীৰ শাসনৰ অন্ত পৰে।
প্ৰায় ত্ৰিশ বছৰ অসমদেশ ৰাণীৰ শাসনত আছিল। এই কাল ছোৱ৷ অতিশয় শান্তিপূৰ্ণ। এই ছোৱা কালত ৰাজ্যত কোনো যুদ্ধ-বিগ্ৰহ বা অশান্তি-উপদ্ৰৱ নাই। অসমীয়া তিৰোতাৰ শাসনকাল কেৱল শান্তি আৰু সভ্যতাৰ নিদান— এই কথা গৌৰৱ কৰিবলগীয়া নহয় জানো?