ৰাইজৰ ধাৰণা আছিল; ৰজায়ো তেনে মনোভাৱ পোষণ কৰিছিল। ‘দিল্লীশ্বৰো বা জগদীশ্বৰো বা' এই বাক্যই তাৰ সাখী দিয়ে। সেই কালৰ ইংলণ্ডৰ ৰজা জেমচ, চাৰ্লচ আদিয়েও এনে মনোভাৱ পোষণ কৰা বাবে পীড়া পাইছিল। জেমচে কৈছিল— “ৰজা ঈশ্বৰৰ প্ৰতিনিধি। তেওঁৰ মুখৰ কথাই আইন, তেওঁৰ ইচ্ছা বা কাৰ্য্যক সমালোচনা কৰিবৰ পৃথিবীৰ কাৰো অধিকাৰ নাই।” গতিকে আজিকালিৰ ভাৱেৰে চাই মোৱামৰীয়া বিদ্ৰোহৰ গুটি সিঁচা কাৰণে ৰাণীক শাও নিদি পৃথিবীৰ দুৰ্ঘটনাৰ মূলত নাৰী বুলি বুজিলেহে উচিত হ'ব। বিশেষ মহন্ত সকলক শাস্তি দিয়া কথা ৰাণীয়ে নাজানে বুলি আজিকালি চেষ্টা চলিছে। কোনো কোনোৱে কয় যে, ৰাজ- কৰ্ম্মচাৰী ৰূপচন্দ্ৰ বৰবৰুৱাহে এই অপকৰ্ম্মৰ বাবে দায়ী। ৰাণীয়ে মহন্ত সকলক নগুৰ শাস্তি কৰা বাবে দুখহে কৰিছিল আৰু বৰবৰুৱাৰ কাৰ্য্যত ঘৃণাহে প্ৰকাশ কৰিছিল। সকলো ডাঙৰ বিশেষ মহন্ত প্ৰমাণ কৰিবৰ
ৰাণী ফুলেশ্বৰী অসমৰ প্ৰথম শাসনকৰ্ত্ৰী। তেওঁৰ শাসন ক্ষমতা পৃথিবীৰ আন আন শাসনকৰ্ত্ৰী সকলতকৈ কোনো গুণে হীন নহয়। ই অসমীয়া জাতিৰ গৌৰৱ কৰিবলগীয়া কথা।
ওঠৰ বছৰ সুখ্যাতিৰে ৰাজ্য শাসন কৰাৰ পাচত ১৭৩১ খৃষ্টাব্দত ৰাণী ফুলেশ্বৰী প্ৰসূতা ৰোগত ঢুকায়। কোনো কোনোৱে কয় যে, তেওঁ আনৰ ধৰ্ম্ম-বিশ্বাসক আঘাত কৰাৰ ফল স্বৰূপে মৃত্যুকালত বহুদিন যন্ত্ৰণা ভুগিছিল।