সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ৰাণী ফুলেশ্বৰী।


 মহাৰাণী ফুলেশ্বৰীয়ে ৰাজ্যশাসনৰ ভাৰ লৈ ৰজা-ৰূপ আৰু মোহৰত ৰজাৰ লগতে তেওঁৰ প্রমথেশ্বৰী নামে৷ খোদিত কৰাইছিল। আগৰ সাধাৰণ বংশৰ লগত সংযোগ থকা কাৰণে ফুলেশ্বৰী নাম ক্ষোদিত কৰা নাছিল। পাৰস্য দেশত চলা মুদ্ৰাত তেওঁৰ প্রমথেশ্বৰী নামৰ আগত ‘আহোম বেগম' উপাধি খোদিত কৰাইছিল। তেওঁ ওঠৰ বছৰ আহোম ৰাজ্যশাসন কৰিছিল । সেই কালত তেওঁৰ শাসনক্ষমতা, ৰাজনীতিজ্ঞান আৰু সুৰুচিৰ পৰিচয় দি গৈছে।

 মহাৰাণী ফুলেশ্বৰীয়ে ৰংপুৰ নগৰত এখন ৰাজহুৱা পঢ়াশালি পাতিছিল। সেই পঢ়াশালিয়ে 'বৰ- ৰজা পঢ়াশালি' নামেৰে বহুকাল খ্যাতি লাভ কৰিছিল। তেতিয়া ভাৰতৰ আন অংশত মোগল যুগ আৰু ইংলণ্ডত জাৰ্ম্মান ৰাজবংশৰ আদি যুগ ৷ সেই কালত আজিকালিৰ দৰে পৃথিবীৰ কোনো দেশতে ধাৰাবাহিক শিক্ষাৰ ব্যৱস্থা নাছিল । ১৮৭০ খৃষ্টাব্দৰ আগলৈকে ইংলণ্ডত ইংৰাজ চৰকাৰে জনসাধাৰণৰ শিক্ষাৰ কোনো ব্যৱস্থা কৰা নাছিল। গতিকে ৰাণীৰ এই শিক্ষা প্ৰচাৰৰ ধাউতি অভাৱনীয় । অসমীয়া জাতিয়ে ‘বৰ-ৰজা পঢ়াশালি'ৰ নামত গৌৰৱ কৰিবৰ যুক্তি আছে। ৰাণীৰ সেই সজ চেষ্টাৰ নাম যুগমীয়া কৰিবৰ মনেৰে বৰ্ত্তমান শিৱসাগৰৰ ছোৱালী হাই স্কুলৰ নাম ‘ফুলেশ্বৰী হাই স্কুল' ৰখা হৈছে । এই নাম সঁচাকৈয়ে সাৰ্থক হৈছে ।

 ৰাণী ফুলেশ্বৰীয়ে তেওঁৰ নিৰাশ্ৰয় অৱস্থাৰ আশ্ৰয়দাত্রী ৰজাৰ ধাইমাকৰ নাম চিৰস্মৰণীয় কৰিবৰ মনেৰে ধাই আলি