সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
নাৰী-ৰত্ন

কুঁৱৰী নাম দিয়ে। সাধাৰণ মানুহৰ ছোৱালী হলেও ৰাণী অতি বুদ্ধিমতী আছিল। তেওঁ বিয়াৰ অলপ দিনৰ পাচতে পাটমাদৈ হল আৰু ৰজাক শাসন কাৰ্য্যত সহায় কৰিবলৈ ধৰিলে। ৰজাৰ সাংসাৰিক আৰু পৰমার্থিক কামৰো তেওঁ প্ৰধান উপদেষ্টা হল ।

 ১৭১৪ খৃষ্টাব্দত স্বৰ্গদেৱ শিৱসিংহ ৰাজপাটত উঠে। তেওঁ ছমাহমান ৰাজত্ব কৰাৰ পাচতে দৈৱজ্ঞ আৰু জ্যোতিষী সকলে তেওঁৰ ছত্ৰ-ভঙ্গ যোগ পৰিছে বুলি কয়। স্বৰ্গদেৱে সেই দৈৱ যোগৰ হাত সাৰিবৰ কাৰণে দেৱী-দেৱালয়ত আৰু ব্ৰাহ্মণ-মহন্ত সকলক অনেক দান-দক্ষিণ৷ কৰে আৰু পাটমাদৈ ফুলেশ্বৰী কুঁৱৰীক ৰাজসিংহাসনত বহুৱাই ৰাজ্যশাসনৰ ভাৰ দি নিজে মুকলিমূৰীয়া হৈ থাকে। তেতিয়াৰ পৰা তেওঁ প্রমথেশ্বৰী নাম লয়। সৰ্ব্ব সাধাৰণে তেওঁক ‘বৰ ৰজা’ বুলিছিল ।

 মহাৰাণী ফুলেশ্বৰীও সম্রাজ্ঞী নুৰজাহানৰ দৰে আহোম ৰাজ্যশাসনৰ সকলো ক্ষমতা হাতৰ মুঠিলৈ আনিছিল, পণ্ডিত সকলক সমাদৰ কৰিছিল আৰু ৰাজকীয় যিবোৰ সমস্যাত চুলি- পকা অভিজ্ঞ মন্ত্ৰীৰো মূৰ ঘূৰে, তেনে কঠিন সমস্যাৰো টিলিকতে সিদ্ধান্ত কৰি প্ৰতিভাৰ পৰিচয় দিছিল ।

 নুৰজাহানৰ দৰে তেঁৱো ককায়েক হৰিনাথক বৰপাত্ৰ গোহাঞি উপাধি দি ৰাজ্যৰ প্ৰধান মন্ত্ৰী পাতিছিল। খুৰায়েক আৰু মোমায়েকক আশাতীত ৰাজসম্মান দি ৰাজ্যৰ দায়িত্ব পূর্ণ ৰাজ কৰ্ম্মচাৰী পাতিছিল।