ৰাজধানী এৰি পলাবলৈ বাধ্য হল । পোনতে কেইদিনমান তেওঁ মেটেকাৰ বগী পোহাৰীৰ ঘৰত লুকাই আছিল; তাৰ পাচত তেওঁ সহায় বিচাৰি নগা পৰ্বতৰ ফালে গল ।
গদাপাণিৰ খা-খবৰ নাপাই ল'ৰা-ৰজা ভয়ত বিতত হৈ আছিল। তেওঁৰ ভাৰ্য্যাক গদাৰ বাতৰি সোধালে; কিন্তু তেওঁ অলপ সঙ্কেতো নিদিলে ।
গদাপাণিৰ ভাৰ্য্যাৰ নাম জয়মতী কুঁৱৰী । তেওঁ মেচাগড়ৰ লাইথেপেনা বৰগোঁহাইৰ কন্যা । ভাজনি গাওঁত তেওঁৰ মোমায়েকৰ ঘৰ আছিল।
স্বামীৰ খবৰ কবলৈ অমান্তি হোৱাত ৰজাই খং কৰি জয়মতীক ৰাজসভালৈ আনিবৰ কাৰণে আদেশ দিলে। এই অন্যায় আদেশ দিয়াৰ লগে লগে স্বৰ্গদেৱৰ মূৰত বিধাতাৰ শাওপাত পৰিল। দ্বাপৰ যুগত দ্রৌপদীক ৰাজসভালৈ ধৰি নি অপমান কৰাৰ ফলত কুৰুকুল ধ্বংস হৈছিল ৷ সেইদৰে কলিকালতে৷ জয়মতীক ৰাজসভালৈ অনাই উৎপীড়ণৰ আদেশ দিয়াৰ লগে লগে যমে চুলিকফাৰ চুলিত ধৰিলে ৷
ৰাজসভাত জয়মতীক অনুনয়-বিনয়, ডাবি-হুকি, ধৰ্ম্মৰ দোহাই দি নানা প্ৰকাৰে বাৰম্বাৰ সোধা হল, কিন্তু তেওঁ স্বামীৰ বাতৰি কবলৈ সদর্পে অস্বীকাৰ কৰিলে। তেতিয়া ৰজাই শাস্তি কৰি গদাপাণিৰ কথা উলিয়াবলৈ আদেশ দিলে ।
কুকুৰা চোৱা চাওচাঙে কুৱঁৰীক বান্ধি ধৰি জেৰেঙা পথাৰলৈ লৈ গ'ল । কিয়নো জেৰেঙা এখন বৰ ডাঙৰ পথাৰ; তাৰ