সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

৫। জয়মতী কুঁৱৰী।

 ১৬৭০ খৃষ্টাব্দত শৰাইঘাটৰ ৰণত জিকি অসমীয়া সেনাই জগতত বীৰত্বৰ অতুলনীয় কীৰ্ত্তি ৰাখিলে । আহোম ৰাজ্য মানাহ নদীলৈকে বহল হল। স্বৰ্গদেৱে সেনাপতি লাচিত বৰুৱাৰ বীৰোচিত কাৰ্য্যৰ বঁটা স্বৰূপে তেওঁৰ নিগাজীকৈ বৰফুকন পাতি গুৱাহাটীত ৰাখিলে।

 তেতিয়া মছলমানেই আহোম ৰজাৰ প্ৰধান শত্ৰু আছিল ৷ স্বৰ্গদেৱে মছলমানক ভেঁটিবলৈ গুৱাহাটীত ভালকৈ কোঁঠ সজাইছিল আৰু ৰাজ্যৰ বুদ্ধিমান আৰু দেশপ্রেমিক বিষয়া সকলক গুৱাহাটীলৈ পঠিয়াইছিল। ৰাজধানী গড়গাওঁত নীচমনা বিষয়া সকলহে আছিল । তেওঁলোকে দলাদলিৰ সৃষ্টি কৰি নিজৰ নিজৰ মনে বছা কোঁৱৰ সকলক ৰজা পাতি লৈছিল। তাৰ ফলত দহ বছৰৰ ভিতৰতে সাতজন ৰজা ভঙা-পতা হয়। তেওঁলোকৰ চক্ৰান্তত এই সাতজনৰ প্ৰতি জনেই অকালতে প্রাণ দিবলগীয়া হৈছিল। ডাঙৰীয়া বিষয়া সকলৰ দলপতি জনেই আছিল ৰাজ্যৰ সৰ্বে-সৰ্বা; ৰজা আছিল নামতহে।

 এই দুৰ্ভগীয়া ৰজা সকলৰ শেহৰ জনৰ নাম চুলিকফা। তেওঁ চৈধ্য বছৰ বয়সতে ৰাজপাটত বহিছিল। সেই কাৰণে